নুমলীগড়ত হাতীৰ জাকত অহা পোৱালি বিলৰ মেটেকাত আৱদ্ধ হৈ মৃত্যু।

নুমলীগড়ৰ বৰচাপৰি ন-বিলৰ দৃশ্য এইয়া । এটা হাতী পোৱালিৰ মৃতদেহ ওপঙি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। নুমলীগড়ৰ বন বিভাগৰ লোকে মৃত হাতী পোৱালিটো বিল খনৰ পৰা উদ্ধাৰ কৰে । উল্লেখ্য যে বৃহৎ অঞ্চলত যোৱা কেইবাটাও দিন হাতীৰ জাক এটা বিচৰণ কৰি আছিল। হাতীৰ জাকত অহা পোৱালি বিলৰ মেটেকাত আৱদ্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।