সাংবাদিকৰ কেমেৰা দেখি পলাল চাউল চুৰ
●নতুন বজাৰ আৰক্ষী চকী হল গৈ চাউলৰ গুদাম
প্ৰধানমন্ত্ৰী গৰিব কল্যান যোজনা আৰু ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা যোজনাৰ চাউলৰ উজনি মাজুলীত চলিছে ৰমৰমীয়া বেহা। শিৱসাগৰ জিলাৰ পৰা চিকাৰী ঘাটেৰে ভট ভটি নাওঁৰে নিয়মীয়া কৈ মাজুলীলৈ সৰবৰাহ হয় চোৰাং চাউল। দীৰ্ঘদিনৰ পৰা দিখৌমুখ লাচন চিকাৰী ( কুমাৰবাৰী ) ঘাটেৰে অবৈধ ভাৱে সৰবৰাহ হৈ আহিছে । যি সময়ত খুদ মুখ্যমন্ত্ৰী জনে দুখীয়া লোকলৈ অহা অন্ন সুৰক্ষা যোজনাৰ অধিনৰ চাউল এজেণ্টে এটাও কাটিব নোৱাৰে বুলি কৈ আহিছে সেই সময়ত মাজুলীলৈ কোন্টেলে কোন্টেলে চাউল চুৰাং কৈ অনা কাৰ্যই মুখ্যমন্ত্ৰীৰ ঘোষনাক বুঢ়া আঙুলি দেখোৱা পৰিলক্ষিত হৈছে ৷ এক নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ পম খেদি কালি বিয়লি প্ৰায় তিনি বজাত এই প্ৰতিবেদক সহ এটি সাংবাদিকৰ দল ৰাওনা হৈছিল বিশেষ ঘাটটোলৈ ৷ লাচন চিকাৰীৰ কুমাৰবাৰী ঘাটত উপস্থিত হোৱাৰ লগে লগে চাউল অনা ভট ভটি নাঁও খন দক্ষিণ দিশে পলাই যায় ৷ সাংবাদিক কেইজনে চাউল সহ এখন টেক্টৰ পত্যক্ষ কৰি টেক্টৰ খন ৰখাবলৈ বিচৰাত টেক্টৰ চালকে হাইড্ৰলিক ট্ৰেইলৰ ডাঙি চাউলখিনি চাপৰিতে পেলাই পলাই পতং দিয়ে ৷ সাংবাদিক কেইজনে বিষয়টো আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত নতুন বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ দিহিঙীয়া সহ এটি আৰক্ষীৰ দল উপস্থিত হৈ চাউলখিনি জব্দ কৰি টেক্টৰেৰে আৰক্ষী চকীলৈ অনা হয় ৷ এই চুৰাং চাউলখিনি কোন অসাধু চুৰাং বেপাৰিয়ে মাজুলীলৈ আনিছিল সেয়া বৰ্তমানো ৰহস্যৰ আৱত্তত ৷ উল্লখ্য যে চুৰাং ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা এই চুৰাং চাউলৰ বেহা দীৰ্ঘদিনৰ পৰা
চলাই আহিছে বুলি চাপৰি বাসীয়ে মন্তব্য কৰিছে ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল এই চাউল সমুহ শিৱসাগৰ জিলাৰ কোন স্থানৰ পৰা কোন এজেণ্টে বিক্ৰী কৰিছে চুৰাং বেপাৰিক আৰক্ষীৰ সঠিক তদন্ততহে তথ্য পোহৰলৈ আহিব ৷ ইফালে সংবাদিক গৈ পোৱাৰ লগে লগে পলাই পতং দিয়া টেক্টৰ আৰু চুৰাং বেপাৰিক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷