চিলাপথাৰত শাৰদীয় দূৰ্গা পূজাৰ ব্যাপক প্ৰস্ততি দুই ঐতিহাসিক থানত হ'ব বলি বিধানৰ পূজা,কভিডৰ পিছত আশাৰ ৰেঙনি কঢ়িয়াই আনিছে মৃৎ শিল্পী সকলৈ,দুই ঐতিহাসিক স্হানত হ'ব বলি বিধানৰ পূজা।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

চিলাপথাৰ,৩০ ছেপ্টেম্বৰঃ কালিলৈ ষষ্ঠী। দূৰ্গতিনাশীনি দেবী দূৰ্গাক পূজা অৰ্চনাৰে মুখৰিত হৈ উঠিব ধৰাৰ বুকু । শাৰদী আইক আদৰাৰ বাবে সাজু ৰাজ্যবাসী । উখল মাখল পৰিৱেশ পূজাস্হলীসমূহ । মৃন্ময় প্ৰতিমাত শেষ প্ৰৰস মৃৎ শিল্পী সকলৰ । যোৱা দুটা বছৰে কভিড মহামাৰীৰ বাবে ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল মৃন্ময় শিল্পী সকলে । কিন্তু সেইবাৰ মৃৎ শিল্পী সকলৰ মূখত দেখা গৈছে আশাৰ ৰেঙঁনি ।সাজু হৈ উঠিছে দেৱীৰ প্ৰতিমা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰতো পূজা সমিতিৰ ব্যাপক পূজাৰ প্ৰস্ততি । ঐতিহাসিক ১০০ বছৰ গৰকা চিলাপথাৰস্হিত ২ নং চিলাগাওঁৰ শক্তিপীঠ মা মালোনীআই থানতো দেৱী দূৰ্গাক আদৰিবলৈ সাজু হৈছে পূজা সমিতি । ইফালে একেই দৃশ্য ১৯০৬ চনতে স্হাপন হোৱা চিলাঁসূতি বমজেস্হিত তাম্ৰেশ্বৰী আইথানত দিনে নিশাই কামত ব্যস্ত পূজা পৰিচালনা সমিতি । দেৱীক আদৰাৰ যুদ্ধংদেহি প্ৰস্তূতি । দুয়োখন ঐতিহাসিক স্হানতে যুগ যুগ ধৰি অব্যাহত প্ৰথা পৰম্পৰা অনুসৰি অসূয়া অপ্ৰীতি নাশি শান্তি সম্প্ৰীতি প্ৰতিষ্ঠাৰ আশীষ বিচাৰি আইৰ চৰণত বলি দিয়া হ'ব শ শ হাঁহ,পাৰ,ছাগলী মহ । মুঠতে চৰকাৰী নীতি নিয়ম মানি চিলাপথাৰত প্ৰায় ৩০ খনৰো অধিক স্হাধত আয়োজন কৰা হৈছে পূজা । মুঠতে শাৰদীয় আইক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এতিয়া চিলাপথাৰ ।