অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ডিমা হাচাও জিলাৰ দিয়ুংব্ৰাত নিৰ্মাণ সম্পূৰ্ণ হোৱা অসমৰ ভিতৰতে সৰ্ববৃহৎ দক্ষতা বিকাশ কেন্দ্ৰটো শুভ উদ্বোধন কৰে৷ পুৱা ১১ বজাত মুখ্যমন্ত্ৰী শৰ্মা দিয়ুংব্ৰাত উপস্থিত হয়৷ মুখ্যমন্ত্ৰীক সংগ দিয়ে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা, উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে’, জিলা উপায়ুক্তকে ধৰি বহু ৰাজনৈতিক নেতাই৷ বীৰ শম্ভুধন ফংলো ইনষ্টিটিউট অৱ স্কীল ডেভেলপমেণ্ট নামেৰে নামাকৰণ হোৱা কেন্দ্ৰটো মুখ্যমন্ত্ৰীয়ে  উদ্বোধন কৰি অসমৰ ভিতৰতে ই সৰ্ববৃহৎ বুলি উল্লেখ কৰে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে উগ্ৰপন্থী সংগঠন ডিএইচডিৰ শান্তি চুক্তিত উল্লেখ থকা এই সন্থাটো আজি ৰাজ্যবাসীৰ বাবে উছৰ্গা কৰা হ’ল বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ কেন্দ্ৰটো নিৰ্মাণৰ বাবে ৭০ কোটি ৬০ লাখ টকা ব্যয় কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ কাৰিকৰী প্ৰশিক্ষণৰ এই কেন্দ্ৰটোৰ জৰিয়তে ডিমা হাচাও জিলাৰ যুৱক-যুৱতীসকল উপকৃত হোৱাৰ লগতে অসমৰ আন স্থানৰ যুৱক-যুৱতীয়েও নিজ প্ৰতিভাৰ বিকাশ ঘটাবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী উমৰাংছ’ত উপস্থিত হয় আৰু গোবিন্দ নগৰত এটা নৱ-নিৰ্মিত গণেশ মন্দিৰ উদ্বোধন কৰাৰ লগতে উমৰাংছ’ চৰকাৰী উচ্ছতৰ বালিকা বিদ্যালয়ৰ ১০০ আসনবিশিষ্ট এটা নৱ-নিৰ্মিত ছাত্ৰী নিৱাস উদ্বোধন কৰে৷ উল্লেখ্য যে, এই ছাত্ৰী নিৱাসটো বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা, পুথিভঁৰালকে ধৰি বিভিন্ন সুবিধাৰে সমৃদ্ধ৷ ১ কোটি ৯০ লাখ টকা ব্যয়সাপেক্ষে এই ছাত্ৰী নিৱাসটো মুকলি কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে উমৰাংছ’ৰ লানচিউৰি গাঁৱৰ যমুনা দেৱী সৰস্বতী বিদ্যা মন্দিৰো উদ্বোধন কৰে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়– ডিমা হাচাওত অসমীয়া ভাষাৰ চৰ্চা আৰম্ভ হওক৷ তেতিয়া ডিমা হাচাওৰ তিনি হাজাৰৰ পৰা পাঁচ হাজাৰ যুৱক-যুৱতীয়ে অসম চৰকাৰৰ অধীনত চাকৰি পাবলৈ সক্ষম হ’ব৷ হিন্দী ভাষাত পঢ়া-শুনা কৰিলেও অসমীয়া বিষয়টো পাঠ্যপুথিৰ অন্তৰ্গত বিষয় হ’লে ডিমা হাচাওবাসীৰ সুবিধা হ’ব৷ হাফলঙৰ পৰা নিউ হাফলঙলৈ ৯০ কিলোমিটাৰ পকী ৰাস্তা নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে৷ আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানসমূহে ডিমা হাচাও জিলাক আৰ্থিক বিকাশ আৰু প্ৰগতিৰ দিশত আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে