আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুৰ ক্ষেত্ৰত অসমে বহু ৰাজ্যক চেৰ পেলাবলৈ উদ্যত হৈছে৷ বিভিন্ন সময়ত আৰক্ষীৰ জিম্মাত বিভিন্ন গোচৰত অভিযুক্ত লোকৰ মৃত্যু হোৱা সত্ত্বেও এইক্ষেত্ৰত অসম আৰক্ষীক লগা ধৰণে সতৰ্ক আৰু সাৱধান হোৱা পৰিলক্ষিত হোৱা নাই৷ শেহতীয়াভাৱে গৌৰীসাগৰত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে এজন ২৮ বছৰীয়া যুৱকৰ৷ তেওঁৰ নাম বাবু গোৱালা৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৌৰীসাগৰ অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ ক্ষুব্ধ জনতাই গৌৰীসাগৰ থানা ঘেৰাও কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে৷ গতি বেগতিক দেখি প্ৰশাসনে ততাতৈয়াকৈ গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰাৰ লগতে বাবু গোৱালাৰ মৃত্যুৰ তদন্ত ঘোষণা কৰিছে৷ বাইক চুৰিৰ অপৰাধত কালি গৌৰীসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাবু গোৱালা নামৰ চোৰটো আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লোৱা ঘটনাক কেন্দ্ৰ কৰি গৌৰীসাগৰত উত্তপ্ত হৈ পৰে পৰিস্থিতি৷ আৰক্ষীৰ জিম্মাত মৃত্যুবৰণ কৰা বাবু গোৱালাৰ মৃত্যুৰ কাৰণ বিচাৰি শতাধিক লোক ওলাই আহি গৌৰীসাগৰ আৰক্ষী থানা ঘেৰাও কৰেহি৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত অতিৰিক্ত আৰক্ষী মোতায়েন কৰাৰ লগতে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰে৷ ঘটনাৰ বিৱৰণী মতে, বিগত প্ৰায় এটা বছৰ ধৰি থানাখনৰ কাষতে সপ্তাহৰ প্ৰত্যেক মংগলবাৰে বহা সাপ্তাহিক বজাৰৰ পৰা একোখনকৈ বাইক চুৰি হোৱা কাৰ্য সংঘটিত হৈ আহিছিল৷ কালি পুনৰ সাপ্তাহিক বজাৰখনৰ পৰা নামদাং নগা আলিৰ পুতুল দাস নামৰ ব্যক্তিজনৰ এ এছ০৪ এইচ ৪৮৩০ নম্বৰৰ ক’লা ৰঙৰ পালচাৰ বাইকখন চুৰি হৈছিল৷ বাইকখনৰ গৰাকীৰ এজাহাৰৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষীয়ে তদন্ত চলোৱাৰ লগতে চি চি টিভিৰ ফুটেজৰ আধাৰত উক্ত চোৰটোক নিশা ঘৰৰপৰা আৰক্ষীয়ে আটক কৰি থানালৈ আনিছিল৷ তদন্তৰ খাতিৰত থানাত আৰক্ষীয়ে সোধ-পোছ কৰাৰ অন্তত যুৱকজনে বাইকখন চোৰ কৰা বুলি স্বীকাৰ কৰা লগতে পুৱতি নিশা আৰক্ষীয়ে চুৰি বাইকখনৰ সম্ভেদ উলিয়াবলৈ যুৱকজনক এখন বাহনত তুলি যাব লওঁতে পলায়ন কৰি কাষতে থকা গৌৰীসাগৰ বৰপুখুৰীত জাপ দিয়ে বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়ে৷ পাছত আৰক্ষীয়ে চোৰটোক পুখুৰীৰপৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয় জয়সাগৰলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ পুৱতি নিশা প্ৰায় তিনিমান বজাত আৰক্ষীয়ে পৰিয়ালৰ লোকক যুৱকজনৰ পানীত পৰি মৃত্যু হোৱা বুলি খবৰ দিয়াত পৰিয়ালৰ লোকৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয়৷ আজি পুৱা আৰক্ষীৰ জিম্মাত যুৱকজনৰ মৃত্যুৰ খবৰে সকলোকে হতবাক কৰি তোলাৰ লগতে মৃত্যুৰ খবৰটো অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ পৰিয়ালৰ লোকৰ অভিযোগ মতে, গৌৰীসাগৰ আৰক্ষীয়ে পৰিকল্পিতভাৱে বাবু গোৱালাক হত্যা কৰিলে আৰু মৃত বাবু গোৱালা কোনোপ্ৰকাৰেই বাইক চুৰিকাৰ্যৰ সৈতে জড়িত নাছিল৷ শতাধিক লোকে গৌৰীসাগৰ আৰক্ষী থানাৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি দোষী আৰক্ষীৰ লোকক ৰাইজৰ সন্মুখলৈ উলিয়াই দিবলৈ দাবী জনোৱাৰ উপৰিও থানাৰ চি চি টি ভি ফুটেজ ৰাজহুৱা কৰিবৰ বাবে দাবী জনায়৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত গৌৰীসাগৰ আৰক্ষী থানাৰ সন্মুখত অতিৰিক্ত নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰিয়ালৰ লোকে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰি আৰক্ষী থানাৰ সন্মুখত মৃতদেহ চমজাই দিবৰ বাবে আকোঁৰগোঁজ হৈ পৰাত শিৱসাগৰ আৰক্ষীৰ কেইবাজনো উচ্ছপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক বুজনি দিয়াৰ চেষ্টা কৰে৷ শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ড॰ দেৱজিত নাথ, উপ-আৰক্ষী অধীক্ষক ডেইজি গগৈ, শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাই সমগ্ৰ ঘটনাৰ তদন্তৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি কিছু শাম কাটে যদিও পুনৰ ৰাইজে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ অৱশ্যে অৱশেষত পৰিয়ালৰ লোকে মৃতদেহ চমজি ল’বলৈ মান্তি হয়৷ ইতিমধ্যে তৎকালীনভাৱে বলবৎ হোৱাকৈ গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰক নিলম্বনৰ লগতে ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে এক দণ্ডাধীশপৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে৷ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু চি চি টি ভি ফুটেজ পৰীক্ষা নকৰালৈকে সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত৷ ঘটনা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ গৌৰীসাগৰ আঞ্চলিক সমিতিৰ উপৰিও আটছাৰ বিষয়ববীয়া ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ বৰ্বৰতাক গৰিহণা দিয়াৰ উপৰিও ঘটনাৰ এক স্বচ্ছ ন্যায়িক তদন্তৰ দাবী জনায়৷ আটছাৰ তৰফৰ পৰা উচিত তদন্ত আৰু দোষী আৰক্ষীৰ লোকৰ কঠোৰ শাস্তিৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক-পত্ৰও প্ৰদান কৰা হয়৷ নিশা হেণ্ডকাফ নোহোৱাকৈ এক গুৰুতৰ অভিযোগত আটক কৰা ব্যক্তিক আৰক্ষী থানাত ৰখা হৈছিল আৰু আৰক্ষীৰ মাজৰ পৰাই কেনেদৰে এজন অপৰাধী পলায়নৰ সুযোগ পালে এই সন্দৰ্ভত সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰাৰ লগতে ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে৷ আনহাতে, মৃত বাবু গোৱালাৰ মৃতদেহৰ মৰোণোত্তৰ পৰীক্ষা সম্পাদন কৰি গৌৰীসাগৰস্থিত বাসগৃহলৈ লৈ অনাৰ পাছতেই পৰিয়াল তথা স্থানীয় লোকৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ মৃত্যুৰ সময়ত বাবু গোৱালাই পত্নীসহিতে এটা চাৰিবছৰীয়া সন্তান সংসাৰত এৰি থৈ যায়৷ বৰ্তমানেও অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰি আছে৷ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু এক নিৰপেক্ষ তদন্তইহে প্ৰকৃত ঘটনাক পোহৰলৈ আনিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Cabinet approves Signing of Guarantees for hosting Federation Internationale de Football Association (FIFA) Under 17 Women's World Cup 2022 in India
New Delhi: The Union Cabinet chaired by the Prime Minister Shri Narendra Modi has approved the...
गौ सेवा-संरक्षण से लौटेगा देश का गौरव- संत प्रभाकर साहेब
गोपाल कृष्ण गौशाला आमझर कोटा रोड नंबर 6 पर गौ सेवा कार्यक्रम आयोजित किया गया इस अवसर पर गायों को...
જસદણના 72 વિધાનસભા ખાતે આજે કોંગ્રેસ દ્વારા લોકોના પ્રશ્ન અંતર્ગત માહિતી મેળવી હતી
જસદણના 72 વિધાનસભા ખાતે આજે કોંગ્રેસ દ્વારા લોકોના પ્રશ્ન અંતર્ગત માહિતી મેળવી હતી આ મીટીંગ ની...
Karnataka Assembly Election 2023: संसदीय बोर्ड की बैठक में BJP उम्मीदवारों के नाम पर लगेगी अंतिम मुहर: बोम्मई
कर्नाटक के मुख्यमंत्री बसवराज बोम्मई ने सोमवार को कहा कि दस मई को होने वाले कर्नाटक विधानसभा...