বৃহত্তৰ ঔতলা অঞ্চলৰ ধৰ্মীয় প্ৰাণকেন্দ্ৰ স্বৰূপ ৩৯তম্ ঔতলা সাৰ্বজনীন শাৰদীয় দুৰ্গাপূজা আগন্তুক ১অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ শ্ৰীশ্ৰী দুৰ্গামন্দিৰ প্ৰাঙ্গনত( ঔতলা সনাতন ধৰ্মসভা) বৰ্নাধ্য কাৰ্যসূচীৰে উদ্ যাপন কৰিব
লৈ পূৰ্ণ প্ৰস্ততি চলিছে। তদুপলক্ষে পূজাৰ মহাষষ্ঠীৰ দিনৰ পৰা বিজয়া দশমী লৈ যথাবিহীত পূজাৰ উপৰিও পৰিবেশ নিকাকৰণ,ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পণ, বৃক্ষৰোপণ,আয়তীৰ নাম প্ৰতিযোগিতা, ওজাপালি প্ৰদৰ্শন, সম্বৰ্ধনা অনুষ্ঠানৰ লগতে মহাসপ্তমী আৰু মহানৱমীৰ দিনা আমন্ত্ৰিত দলৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন হ'ব। ইয়াৰোপৰি ৯ অক্টোবৰত শ্ৰীশ্ৰী লক্ষ্মী পূজা দুৰ্গাপূজা থলিতে পালন কৰিব। এই বেলি ভক্তপ্ৰাণ দাতাই (প্ৰতিমা, ওজাপালি, পুৰোহিত লগতে মূলতোঁৰণ ) এককভাবে আগবঢ়োৱাৰ লগতে সপ্তমী, অষ্টমী আৰু নৱমী পূজাত ভোগ আগবঢ়াব।
উদ্যোক্তা সমিতিয়ে পূজাৰ আটাইকেইদিনৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্হিতি আৰু সহায় -সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে। উল্লেখযোগ্য যে বৃহত্তৰ কলাইগাঁও অঞ্চলৰ প্ৰায় ২৫ খনৰো অধিক স্হানত দুৰ্গাপূজা আয়োজনৰ বাবে উদ্ যাপন সমিতি সমূহে পূৰ্ণ গতিৰে কামত আগবাঢ়িছে।