ৰাজ্যবাসীৰ বাবে সুখবৰ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আৰু এখন দলং৷ শৰাইঘাটত নিৰ্মাণ হ’ব এই দলং৷ ৰে’ল আৰু আন যান-বাহনৰ বাবে দুখলপীয়া ৰূপত নিৰ্মাণ কৰা হ’ব দলংখন৷ বুধবাৰে টুইটযোগে এই কথা ঘোষণা কৰে কেন্দ্ৰয়ী পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ শৰাইঘাটৰ পুৰণি দলঙৰ কাষতে নিৰ্মাণ হ’ব উক্ত দলংখন৷ দলংখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯৯৬ কোটি ৭৫ লাখ টকা অনুমোদন জনাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘গতিশক্তি মিছন’ৰ অংশৰূপে উক্ত দলংখন নিৰ্মাণ হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে টুইটত প্ৰকাশ কৰিছে৷ এই দলংখন সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব৷ প্ৰস্তাবিত দলংখনৰ ৩২২ কোটি টকাৰ কামৰ ব্যয় বহন কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ শৰাইঘাটৰ তৃতীয়খন দলঙৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক কৃতজ্ঞতা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ উক্ত দলং নিৰ্মাণৰ ফলত উত্তৰ পূবৰ উন্নয়নত বিশেষ প্ৰভাৱ পৰিব বুলি তেওঁ টুইটত কয়৷ শৰাইঘাটৰ তৃতীয়খন দলঙৰ বাবে কেন্দ্ৰই অনুমোদন জনোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় নীতিন গাডকাৰী আৰু অশ্বিনী বৈষ্ণৱক ধন্যবাদ জনাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ মহৎ উদ্দেশ্যক গতিশীলতা প্ৰদানতো এই প্ৰকল্পটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি তেওঁ কয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ram Mandir Utsav at Kharupetia
Ram Mandir Utsav at Kharupetia
જસદણ બેન્ક ઓફ બરોડા એટીએમ માં 17.33લાખ ચોરી ત્રણ ઈસમો સીસીટીવી કેમેરા સામે આવ્યા
જસદણ બેન્ક ઓફ બરોડા એટીએમ માં 17.33લાખ ચોરી ત્રણ ઈસમો સીસીટીવી કેમેરા સામે આવ્યા
पुरुषों के लिए 'धनुरासन', रोजाना करने से मिलते हैं कई हैरतअंगेज फायदे
ऑफिस और घर की टेंशन में पुरुष अक्सर अपनी सेहत को नजरअंदाज कर देते हैं जिसका असर उन्हें बढ़ती उम्र...
Mother and Son Travelling Stories : मुलाला शाळेतून काढून ही आई डोंगरदऱ्या का फिरतेय?
Mother and Son Travelling Stories : मुलाला शाळेतून काढून ही आई डोंगरदऱ्या का फिरतेय?
રાધનપુર ખાતે આખલાનો આતંક યથાવત | SatyaNirbhay News Channel
રાધનપુર ખાતે આખલાનો આતંક યથાવત | SatyaNirbhay News Channel