সাম্প্ৰতিক সময়ত সমগ্ৰ গোলাঘাট জিলাৰ লগতে মৰঙিৰ আটাইতকৈ জ্বলন্ত সমস্যাৰূপে পৰিগণিত হোৱা হাতী-মানুহৰ সংঘাতক কেন্দ্ৰ কৰি দৈগ্ৰোঙৰ নাট্য মন্দিৰত এক বৃহৎ সজাগতামূলক সভা অনুষ্ঠিত হয়৷ নুমলীগড় শোধনাগাৰৰ সহযোগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত সভাখনত আজি অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন৷ হাতী আৰু মানুহৰ সহাৱস্থানৰ বিকল্প নাই বুলি উল্লেখ কৰি বিধায়ক ফুকনে ৰাইজক জনায় যে হাতী-মানুহৰ সংঘাতটোৰ এক বিজ্ঞানসন্মত সমাধান উলিয়াবলৈ এক বিশেষজ্ঞ সমিতি ইতিমধ্যে গঠন কৰি দিয়া হৈছে আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগেও ৰাইজৰ সহায়ক হোৱাকৈ বিভিন্ন পথৰ সন্ধান কৰাত ত্ৰুটি ৰখা নাই৷ মানুহে পৰম্পৰাগত কৃষিকৰ্মৰ পৰা কিছু আঁতৰি নেমুটেঙা আদি খেতিৰ কথা চিন্তা কৰিবলৈও খেতিয়কসকলক আহ্বান জনায়৷ অজাযুছাপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ো হাতী-মানুহৰ সংঘাত বিষয়ত আলোকপাত কৰি কয় যে বনভূমিৰ সংকোচ আৰু বনৰীয়া হাতীৰ পৰম্পৰাগত পথত শিল-বালিৰ খননেই মূল কাৰণ৷ অসম গণ পৰিষদৰ গোলাঘাট জিলাৰ সভাপতি তথা শিক্ষাবিদ ড° নৃপেন কুমাৰ বৰুৱাই সভাত নিজা বক্তব্য ৰাখি কয় যে পৃথিৱীৰ বৃহত্তম স্থলচৰ জন্তু হাতীৰ ক্ষেত্ৰত থকা দায়িত্বক জীৱশ্ৰেষ্ঠ হিচাপে মানুহে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে৷ পৃথিৱীখনক মানুহৰ দৰেই হাতীৰ বাবেও নিৰাপদ কৰি ৰখাৰ দায়িত্ব মানুহৰ৷ নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱশিষ্ট সেউজভূমি ৰক্ষা কৰা আৰু দৈগ্ৰোং, কালিয়নি আদি নদীৰ সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ দিবলৈ গোলাঘাটৰ বন বিভাগক দাবী জনায় বিশিষ্ট শিক্ষাবিদগৰাকীয়ে৷ সভাত মৰঙি প্ৰেছ ক্লাৱৰ সভিপতি হেমন্ত শইকীয়া, সম্পাদক প্ৰিয়ংদ্বীপ কাকতি, গোলাঘাট বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়াও উপস্থিত থাকে৷ ইফালে হাতী-মানুহৰ সংঘাত অধ্যয়নৰ বাবে অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত কথা দিয়ামতে নুমলীগড় শোধনাগাৰৰ কোনো বিষয়া উপস্থিত নথকাটোৱে উদ্যোক্তাসকলৰ লগতে অসন্তুষ্ট কৰি তুলিছে স্থানীয় ৰাইজকো৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Vidhan Sabha LIVE : मुख्यमंत्री एकनाथ शिंदे यांचे सभागृहात कविता वाचन,अजित पवार यांना चिमटे
Vidhan Sabha LIVE : मुख्यमंत्री एकनाथ शिंदे यांचे सभागृहात कविता वाचन,अजित पवार यांना चिमटे
દિલ્હી મુખ્યમંત્રી અરવિંદ કેજરીવાલે કહ્યું, મફત સરકારી યોજનાઓ પર જનમત થવો જોઈએ
મુખ્યમંત્રી અરવિંદ કેજરીવાલે મફત સરકારી યોજનાઓ પર જનમત લેવાની માંગ કરી છે. તેમનું કહેવું છે કે...
अमेजन इंडिया ने की प्राइम डे बड़ी डील्स की घोषणा
अमेजन इंडिया अपने 2-दिन के सेलिब्रेशन प्राइम डे 2023 के साथ तैयार है, जहां हमारे प्राइम मैंबर्स...
सोलापुर जिल्ह्यातील केम रेल्वे स्टेशन जवळ मालगाडी रुळावरून घसरली !
केम रेल्वे स्टेशन जवळ मालगाडी रुळावरून घसरली !