প্ৰথমে বন্ধুৰ হৈতেঁ নিশা নৈশ পাৰ্টি, পাছত সতীৰ্থক হত্যা কৰি ৰঙাঘৰৰ আলহী হল ঢকুৱাখনা ধেনুষণা হিলৈদাৰী গাঁওৰ প্ৰয়াত বীৰেন গগৈৰ পুত্ৰ তথা অভিশপ্ত নিশা নৈশ পাৰ্টি অনুষ্ঠিত কৰি ষড়যন্ত্ৰ ৰচনা কৰা চিৰাজ গগৈ (২৭) , ধেমাজি জিলাৰ মৰিধল ঘাট গাঁওৰ দেৱেন চেতিয়াৰ পুত্ৰ কৌশিক চেতিয়া (২৬) ,ধেনুখণা হিলৈদাৰী গাঁওৰ ভব গগৈৰ পুত্ৰ দিম্পল গগৈ(২৭), ধেমাজি জিলাৰ গোৱাল গাঁওৰ মনোজ কুমাৰ বৰুৱাৰ পুত্ৰ দীপাংকৰ বৰুৱা (২৮) আৰু ধেমাজি চাপৰি গাঁওৰ বদন গগৈৰ পুত্ৰ ধন জ্যোতি গগৈ (২৫) । যোৱা ১৪ তাৰিখৰ পুৱা ঢকুৱাখনা ঘিলামৰা থানাৰ অন্তৰ্গত বাটৰমাৰীত ৰাস্তা কাষত বাইক সহ হমলেট পৰিহিত ধেনুখনা গাৱৰ টিকেন্দ্ৰ গগৈৰ পুত্ৰ পিংকু গগৈ মৃতদেহ উদ্ধাৰ হোৱা পাছৰে পৰা উত্তাল পৰিৱেশৰ সৃষ্টি হৈ আছে সমগ্ৰ ঘিলামৰাত ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ /৩৪ ধাৰাত পঞ্জীভূত গোচৰ (নং-৫৫/২০২২)ত গ্ৰেপ্তাৰ হোৱা সতীৰ্থ অভিযুক্ত কেইজনক ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হত্যাকাৰী কেইটাক ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাৰ পৰ্যবেক্ষণত ঘিলামৰা আৰক্ষী থানাৰ অচি চন্দন দাস ,তদন্তকাৰী আৰক্ষী বিষয়া উপ পৰিদর্শক হেমন্ত কোঁৱৰৰ নেতৃত্বত চলোৱা তদন্তৰ শেষত অভিযুক্তক লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷ ইপিনে আজি পুৱাৰেপৰা পিংকু গগৈৰ ৫ হত্যাকাৰীক ফাচী দিয়াৰ দাবীত ঘিলামৰা থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা লগতে দোষীয়ে যাতে কোনোধৰণৰ সুৰুঙা লৈ হাৰি যাব নোৱাৰে তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বাবে পিংকুৰ শুভাকাংক্ষী আৰু ধেনুষণা হিলৈদাৰী গাঁওৰ সহশাধিক পুৰুষ মহিলাই হাতে হাতে প্লেকাৰ্ড লৈ থানাৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ। পাছত ঘিলামৰা আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত সকলক ঢকুৱাখনা মহকুমা ন্যায়িক আদালতত হাজিৰ কৰি ন্যায়িক হেফাজতলৈ প্ৰেৰণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
▶️গোৰেশ্বৰ পতঞ্জলি যোগ সমিতিৰ উদ্যোগত যোগ শিবিৰৰ আয়োজন
▶️গোৰেশ্বৰ পতঞ্জলি যোগ সমিতিৰ উদ্যোগত যোগ শিবিৰৰ আয়োজন
AAP की नई मुख्यमंत्री आतिशी ने कहा- केजरीवाल को फिर से दिल्ली का CM बनाने के मकसद से काम करूंगी
दिल्ली की नई मुख्मंत्री और आम आदमी पार्टी (APP) नेता आतिशी ने कहा कि वह, जिन्हें कि अरविंद...
TATA Tiago सीएनजी एएमटी फर्स्ट ड्राइव रिव्यू | NDTV Raftaar
TATA Tiago सीएनजी एएमटी फर्स्ट ड्राइव रिव्यू | NDTV Raftaar
অষ্ট্ৰেলিয়াৰ প্ৰবাসী অসমীয়াৰ নেতৃত্বত অসমৰ দুখীয়া শিক্ষাৰ্থীলৈ সহায়ৰ হাত
সংবাদদাতা, মাৰ্ঘেৰিটাঃ- অষ্ট্ৰেলিয়াৰ প্ৰবাসী অসমীয়াই নেতৃত্বত অসমৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবে সহায়ৰ...
સુરતના લાલગેટ ની દિલ્હી દસ્તરખ્વાન રેસ્ટોરન્ટમાંથી પોલીસે ૬૦ કિલો ગૌમાંસ પકડયુ.હોટલ માલિકની ધરપકડ.
સુરતના લાલગેટ ની દિલ્હી દસ્તરખ્વાન રેસ્ટોરન્ટમાંથી પોલીસે ૬૦ કિલો ગૌમાંસ પકડયુ.હોટલ માલિક સરફરાઝ...