নুমলীগড়ত অব্যাহত বন্যহস্তীৰ তাণ্ডব । ৰংবংত খেতি পথাৰ তহিলং । উজাগৰে পাৰ কৰিছে নিশা ।

নুমলীগড়ৰ ৩নং ৰংবং আৰু ৪নং ৰংবংৰ দৃশ্য এইয়া। প্ৰায় এশৰো অধিক এটা হাতীৰ বৃহৎ জাকে নিশা অঞ্চলটোৰ সমীপৰ শালিধানৰ পথাৰ তহিলং কৰি মানুহৰ বাৰী ফালি গাঁৱৰ মূল পথেৰে চাহ বাগিচালৈ ৰাওনা হয় । গাঁৱৰ পথত একপ্ৰকাৰৰ সমদল কৰি আগবাঢ়ে হাতীৰ জাক । হাতীৰ জাকটোত আছে কেইবাটাও পোৱালি । ৰাইজৰ শালিধানৰ পথাৰত গৰু ছাগলীৰ দৰে হাতী বিচৰণ কৰাৰ ফলত বিপদত পৰিছে কৃষক । হাতীৰ উপদ্ৰৱৰ ফলত উজাগৰে নিশা পাৰ কৰি আতংকত পৰে ৰাইজ । 

আনহাতে খাদ্যৰ সন্ধানত ভোকাতুৰ হাতীয়ে এতিয়া গাৱতেই বিচৰন কৰিবলৈ লৈছে । বনাঞ্চল সংকুচিত হোৱাৰ ফল ভূগিছে ৰাইজে।