ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ ছিপাঝাৰ কৃষি উন্নয়ন খণ্ডৰ অধীনত যোৱা ২১ ছেপ্টেম্বৰৰপৰা আৰম্ভ হোৱা ছয়দিনীয়া কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে ৷ কৃষি উন্নয়ন খণ্ডটোৰ অধীনৰ লোক্ৰাই গাঁও পঞ্চায়ত এলেকাৰ কেইবাগৰাকীও কৃষকক এই কৰ্মশালাত কৃষিত কেঁচু সাৰৰ প্ৰয়োগ আৰু উপকাৰিতা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ বুধবাৰে কৰ্মশালাৰ সামৰণি উপলক্ষে লাউজানস্থ লোক্ৰাই গাঁও পঞ্চায়ত সভাগৃহত এখন সভা অনুষ্ঠিত কৰা হয় ৷ সভাত বিষয় সন্দৰ্ভত উন্নয়ন বিষয়াৰ খণ্ড প্ৰযুক্তি প্ৰৱন্ধক শংকৰ নাথৰ তত্বাৱধানত সূচাৰুৰূপে সমাপ্ত হোৱা ছয়দিনীয়া প্ৰশিক্ষন শিৱিৰৰ প্ৰশংসা পত্ৰ বিতৰণ কৰা হয় ৷ কৃষক সকলে গীত-নৃত্য পৰিৱেশনৰে জীপাল কৰি তোলা কৰ্মশালা সামৰণি সভাখনত কেঁচু সাৰৰ প্ৰয়োগ আৰু উপকাৰিতাৰ বিষয়ে বিতংভাৱে বক্তব্য প্ৰদান কৰে মহকুমা উন্নয়ন কৃষি বিষয়া ড° মনোৰঞ্জন শৰ্মা, ছিপাঝাৰ কৃষিখণ্ডৰ কৃষি উন্নয়ন বিষয়া সংঘমিত্ৰা শ্যামে ৷ কৰ্মশালা সামৰণি সভাখনত লোক্ৰাই গাঁও পঞ্চায়তৰ সভাপতি কুমাৰ চন্দ্ৰ নাথ, মিডিয়া এক্সপাৰ্ট জ্যোতিষা শইকীয়া, সহকাৰী খণ্ড প্ৰযুক্তি প্ৰৱন্ধক ৰেখাৰানী নাথৰ লগতে কৃষি বিভাগৰ বহুকেইগৰাকী বিষয়া

উপস্থিত থাকে ৷