এপিনে সমগ্ৰ ৰাজ্যত পুনৰ আৰম্ভ হৈছে কভিডৰ তৃতীয় ঢৌ ৷ ইয়াৰ সমান্তৰালভাবে ধাৰাষাৰ বৰষুণে ৰাজ্যত সৃষ্টি কৰা বানৰ তাণ্ডৱৰ পিছত এইবাৰ প্ৰখৰ সূৰ্যৰ তাপত দহিছে সমগ্ৰ ৰাজ্য। যেন সকলো এফালৰ পৰা শুকাই যাবলৈ ধৰিছে সূৰ্যৰ উত্তাপত ৷ ইফালে ঢকুৱাখনা মহকুমা অন্তগৰ্ত মৰনৈ পঞ্চায়ত অমুদবৰবাৰীৰ উজান তলি, চলা পথাৰৰ বিলত থকা মাছৰ প্ৰতি আহিছে ভাবুকি ৷ উৎকট গৰমে জীৱজন্তুৰ লগতে পক্ষীকূলৰ মাজলৈ কঢ়িয়াই আনিছে অশনি সংকেত। যাৰ বাবে সৃষ্টি হৈছে সমস্যা ৷ বিশেষকৈ এতিয়া সূৰ্যৰ অধিক তাপমাৰ বাবে মৃত্যু হৈছে হাজাৰ হাজাৰ ভিন্ন প্ৰজাতিৰ মাছ। যাৰ বাবে এইদৰে মৃত্যু হোৱা মৎস্য সমূহ পানীত উপঙি পৰিছে ৷ উপঙি যোৱা মাছবোৰ এফালৰ পৰা গেলি পচি যোৱা পৰিলক্ষিত হৈছে।এনেধৰণৰ মাছ যদিহে খাদ্য গ্ৰহণ কৰিলে বেমাৰ হোৱাৰ সম্ভাৱনা দেখা দিব পাৰে।এই লৈ চিন্তিত হৈ পৰিছে সচেতন লোক সকল ৷ ইপিনে এই ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা লোৱা নাই চৰকাৰী পক্ষই ৷