ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিছাৰ মইনা নায়কক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে কল কাৰখানাত কৰ্মৰত শ্ৰমিক সকলৰ নিৰপত্তা সুনিশ্চিত কৰাৰ দাবীত আজি শিৱসাগৰৰ ফুকন নগৰস্হিত কাৰখানা উপপৰিদৰ্শক কাৰ্যালয়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা,শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাৰ সমিতিৰ যৌথ উদ্যোগত আৰু আটুৱা জিলা সমিতিৰ সহযোগত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।