বৃহত্তৰ মথুৰাপুৰ অঞ্চলত সামাজিক দ্বায়বদ্ধতাক অগ্ৰাধিকাৰ দি কল্যান মূলক কাৰ্য সম্পাদনৰ লক্ষ্যৰে ২০১৮ চনত গঠন কৰা চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ, মথুৰাপুৰ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ আজি চতুর্থ বৰ্ষপূতি অনুষ্ঠান উদযাপন কৰা হয়। এই উপলক্ষত আজি পুৱা মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ত কেক কাটি বৰ্ষপূতি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । ইয়াৰ পাছত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী যুগল বৰগোহাঁইয়ে। প্ৰণৱ বৰগোহাঁইয়ে আঁতধৰা অনুষ্ঠানটোত আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন চাংমাই, মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিপাংকৰ চেতিয়া, চলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰিয়চেং চাওলু, অৱসৰপ্ৰাপ্ত শিক্ষক খেলিলুৰ ৰহমান, সমাজকৰ্মী অতুল ৰাজকোঁৱৰ উপস্থিত থাকে । বৰ্ষপূতি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গ্ৰুপটোৰ সদস্য সকলে গছপুলি ৰোপণ, কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ লগতে পঢ়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰা লক্ষ্যৰে সাধুকথা পুথি,শিশু আলোচনীকে ধৰি বিভিন্ন শিকন সামগ্ৰী আৰু ফলমূল বিতৰণ কৰে ৷ উল্লেখ্য যে ২০১৮ চনত বৰ্তমানৰ সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সহযোগত চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলত এই অনুষ্ঠান স্থানীয় যুৱক সকলৰ উদ্যোগত গঠন কৰা হৈছিল। ৰাজনীতিলৈ অহাৰ পূৰ্বে শিক্ষকতা কৰি থকা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সহযোগত যুৱ প্ৰজন্মক কৰ্মমুখী কৰাৰ ক্ষেত্ৰত গঠিত হোৱা এই স্বেচ্ছাসেৱী সংগঠনটোৱে বিগত সময়ছোৱাত বৃহত্তৰ মথুৰাপুৰ অঞ্চলত সুস্থ সামাজিক বাতাবৰণ, শৈক্ষিক পৰিৱেশ সৃষ্টি তথা নৱপ্ৰজন্মৰ মাজত সামাজিক সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে বিভিন্ন জনকল্যাণমুখী পদক্ষেপ গ্ৰহণ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अवैध बजरी परिवहन के खिलाफ कार्यवाही
अवैध बजरी परिवहन के खिलाफ कार्यवाही ट्रैक्टर ट्राली जप्त
नैनवां थाना पुलिस ने अवैध...
ठाकरेंचा बचाव अजितदादांनी का केला? Ajit Pawar On Udhav Thackeray | Shivsena | Maharashtra News
ठाकरेंचा बचाव अजितदादांनी का केला? Ajit Pawar On Udhav Thackeray | Shivsena | Maharashtra News
iOS 17.2.1 Update: एपल ने आईफोन यूजर्स के लिए जारी किया नया अपडेट, macOS 14.2.1 beta को लेकर भी हुआ एलान
एपल ने अपने आईफोन यूजर्स के लिए iOS 17.2.1 अपडेट रिलीज कर दिया है। इस सॉफ्टवेयर अपडेट के साथ...
મહુવા શહેરમાં વશિષ્ઠનગર સોસાયટીના રહીશો દ્વારા મામલતદાર કચેરી ખાતે આવેદન પત્ર પાઠવ્યું
વશિષ્ઠનગર રહીશો દ્વારા આજે મામલતદાર કચેરી એ આવેદન પત્ર પાઠવ્યું છે સોસાયટીના રહીશો ની માંગણી છે...
Oppo Reno 13 सीरीज चाइना में लॉन्च: डाइमेंशन 8350 चिपसेट से लैस, कब होगी भारत में एंट्री
Oppo Reno 13 Series Launched ओप्पो रेनो 13 सीरीज की चाइना में एंट्री हो चुकी है। इसमें मीडियाटेक...