আজি নগাঁও জিলাৰ সাহিত্য সভা ভৱনত তৃণমূল কংগ্ৰেছৰ বিশাল যোগদান সভা অনুষ্ঠিত হয়। এই সভাত অংশ গ্ৰহণ কৰি প্ৰাক্তন আক্ৰাছু নেতা ময়ূৰ মজুমদাৰসহ প্ৰায় চাৰি শতাধিক লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

এই সভাত উপস্থিত থাকে অসম তৃণমূলৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে অন্যান্য শীৰ্ষ নেতা। 

সভাত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত ৰিপুণ বৰাই বিজেপি শাসিত ৰাজ্য চৰকাৰক পোনপটীয়াকৈ আক্ৰমণ কৰি এইবুলি কয় যে বিজেপিৰ দিনত নাগৰিকৰ ব্যক্তিগত স্বাধীনতা খৰ্ব হৈছে। মানুহে মনৰ ভাৱ ব্যক্ত কৰি কবিতা লিখিলে তেনে লোকৰ বিৰুদ্ধে চৰকাৰে দমনমূলক নীতি গ্ৰহণ কৰি আহিছে।

আনহাতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ বিজেপি দলৰ সৈতে মিত্ৰতা থকাৰ অভিযোগ তুলি সভাপতি ৰিপুণ বৰাই এই বুলি কয় যে বিজেপিৰ সৈতে মিলি আজমল বাহিনীয়ে কাম কৰি আছে।

কংগ্ৰেছ দলটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ তেওঁ এইবুলি অভিযোগ কৰিছে যে বৰ্তমানৰ কংগ্ৰেছীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে মিলি নিশাৰ ভাগত গোপন বৈঠক পাতি মিলি কাম কৰি আছে। ৰাইজে কংগ্ৰেছ আৰু এইআইইউডিএফ দলৰ প্ৰতি আস্থা হেৰুৱাইছে আৰু এই সময়ত ৰাইজৰ আস্থা কেৱল তৃণমূল কংগ্ৰেছৰ ওপৰতহে আছে।

'তৃণমূলৰ আদৰ্শ হৈছে মা-মাটি আৰু মানুহ। বিজেপিৰ দৰে জাতি ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰি চিন্তা নকৰি কেৱল মানুহৰ কথা চিন্তা কৰা দল তৃণমূল কংগ্ৰেছ', ৰিপুণ বৰাই সাংবাদিকৰ আগত কয়।

পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰিপুণ বৰাই কয় যে আইনগতভাৱে চৰকাৰে পিএফআইক নিষিদ্ধ কৰিছে। আইনে এই ক্ষেত্ৰত নিজৰ গতি ল'ব। বিষয়টো অধিক অধ্যয়ন নকৰাকৈ তৃণমূলে মন্তব্য নকৰে। কিন্তু দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছে আপোচ হোৱাতো নিবিচাৰে। চৰকাৰৰ হাতত নিশ্চয় তথ্য আছে আৰু সেই অনুসাৰে তদন্ত হ’ব।

নগাঁও সাহিত্য সভা ভৱনত অনুষ্ঠিত দল যোগদান কাৰ্যসূচীত দলৰ অন্য নেতা অৰুণজ্যোতি ভূঞা, ইক্ৰামূল হুডা, দিলীপ শৰ্মা, দিগন্ত বৰ্মণ, অভিজিৎ মজুমদাৰ, বনদ্বীপ দত্ত প্ৰমুখ্য অন্য নেতাসকলো উপস্থিত থাকে।