চিলাপথাৰত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত চলি থকা দুৰ্নীতিৰ তদন্তৰ বিছাৰি চিচিবৰগাওঁ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাওঁ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ কৰ্মকৰ্তা সকলে

ধেমাজি জিলাৰ চিচিবৰগাওঁ উন্নয়ণ খণ্ডৰ অধীনস্থ বিভিন্ন পঞ্চায়ত সমূহত অৰুনোদয় আঁচনি , প্ৰধানমন্ত্ৰী আৱাস যোজনা কে ধৰি পঞ্চায়ত সমূহত চলি থকা বিয়াগোম দুৰ্নীতিৰ চি বি আই তদন্তৰ দাবীত আজি চিচিবৰগাওঁ উন্নয়ণ খণ্ড বিষয়াৰ কাৰ্যালয় ঘেৰাওঁ কৰি প্ৰতিবাদ সাব্যস্ত কৰে পাচঁ শতাধিক জাতীয়তাবাদী যুৱ পৰিষদৰ কৰ্মকৰ্তা সকলে । উল্লেখ্য যে চিচিবৰগাওঁ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাওঁ পঞ্চায়ত সমূহত PMAY-G , অৰুনোদয় আচনি , গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনি আদি বহু চৰকাৰী আঁচনি ৰূপান্তনত ব্যাপক অনিয়ম সংঘঠিত হোৱাৰ দীৰ্ঘ দিনৰ পৰাই অভিযোগ উত্থাপিত হৈ আহিছে । চি বি আই তদন্ত কৰি আঁচনি সমূহ সঠিক ৰূপায়নৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ ৰ ধেমাজি জিলা সমিতিৰ উদ্যাগত আৰু চিচিবৰগাওঁ আঞ্চলিক মহিলা সমিতিৰ সহযোগত চিচিবৰগাওঁ উন্নয়ণ খণ্ড বিষয়াৰ কাৰ্যালয় ঘেৰাওঁ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনঠোৱে । প্ৰতিবাদীসকলে চিচিবৰগাওঁ চাৰি আলিৰ পৰা প্ৰায় ২ কিলোমিটাৰ প্ৰতিবাদী সমদল বাহিৰ কৰে আৰু খণ্ড বিষয়াৰ কাৰ্যালয় ঘেৰাওঁ কৰে । পাচঁ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ চিচিবৰগাওঁ উন্নয়ণ খণ্ডত চলি থকা অবাধ দুৰ্নীতি বন্ধ কৰক , অৰুনোদয় আচনি ত দূৰ্নীতি নচলিব , pmay-g ত দূৰ্নীতি নচলিব , cid ৰ দ্বাৰা দূৰ্নীতিৰ তদন্ত কৰক , বিধায়ক ভূৱন পেগু মুৰ্দাবাদ , বিজেপি চৰকাৰ হুচিয়াৰ , প্ৰদান বৰুৱা মুৰ্দাবাদ , ৰণোজ পেগু মূৰ্দাবাদ , AJYP জিন্দাবাদ, চিচিবৰগাওঁ উন্নয়ণ খণ্ডৰ ময়মতালি নচলিব , বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে উত্তাল কৰি তুলে পৰিৱেশ।