ঢকুৱাখনা-মাজুলীৰ সীমান্তৰ টাকাৰচুকত জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা৷আজি সাংসদ প্ৰদান বৰুৱা,বিধায়ক নৱ কুমাৰ দলে আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলক লগত লৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই পৰিদৰ্শন কৰে টাকাৰচুকত খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ
কৰা দহ কোটি টকীয়া
এখনৰ আঁচনিৰ কাম-কাজ।গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পৰ্যায়ক্ৰমে স্থায়ী প্ৰতিৰোধ আচনি গ্ৰহণ কৰা হ'ব বুলি ব্ৰহ্মপুত্ৰৰ পাৰত সমবেত ৰাইজক মন্ত্ৰী গৰাকীয়ে আস্বাস দিয়াৰ লগতে PFI ক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা কাৰ্য্যক আদৰণি জনাই।
এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে-"৫ বছৰৰ কাৰণে নহয় এই সংগঠনটোক চিৰকালৰ বাবে নিষিদ্ধ কৰিব লাগে।"কিয়নো PFI য়ে ভাৰতত কেৱল জেহাদী কাৰ্যকলাপ চলাই আহিছে।ইফালে নদীবান্ধ আমাক লাগিবই বিদ্যুতৰ বাবে বুলি উল্লেখ কৰি কয় যে-"নদীবান্ধ হলেও আমি মানুহৰ জীৱন সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰি কাম আগবঢ়াব লাগিব৷