*বিদ্যুত বিভাগৰ ডিজিটেল মিটাৰৰ বিসংগতিক লৈ প্ৰতিবাদ কংগ্ৰেছৰ

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ উদ্যোগত আজি ঢকুৱাখনাত বিদ্যুৎ বিভাগৰ ডিজিটেল মিটাৰৰ বিসংগতিৰ লগতে বিদ্যুত মাছুল বৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ঢকুৱাখনা ৰাজীৱ ভৱনৰ পৰা শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদী ৰেলী বাহিৰ কৰি ঢকুৱাখনা নগৰৰ মাজেৰে গৈবিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।