ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ কাৰ্বিআংলং জিলাৰ একমাত্ৰ মহাবিদ্যালয় চৰকাৰী আদৰ্শ মহাবিদ্যালয় ডেইথৰত আজি উপস্থিত হয় কাৰ্বিআংলং অতনুমাচ কাউন্সিলৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য ৰিচাৰ্ড তকবি। কাৰ্যবাহী সদস্য গৰাকী উপস্থিত হৈ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে। উক্ত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা গ্ৰহনত সহায়ক হোৱাকৈ নিৰ্মাণ কৰা নৱনিৰ্মিত তথ্যকেন্দ্ৰ আৰু অত্যাধুনিক পুথিভঁৰালৰ শুভাৰম্ভ কৰে।