সোণাৰিত অত্যাধুনিক হোটেল - ৰেষ্টুৰেণ্ট মুকুলি 

সোণাৰিৰ যুৱ ব্যৱসায়ী চিৰঞ্জীৱ গগৈৰ মালিকানাধীন আজি সোণাৰি নগৰৰ ১ নং ৱাৰ্ড (ভজো পথ)ত " দা মিষ্ট ব্লেউ" নামৰ বাৰৰ লগতে থকা আৰু খোৱাৰ সুবিধা থকা এখন অত্যাধুনিক হোটেল-ৰেষ্টুৰা মুকলি কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । উজনি অসমৰ ঐতিহাসিক চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰখনত ইতিমধ্যে কেইবাখনো অত্যাধুনিক বিলাসী হোটেল স্থাপন হৈছে যদিও "মিষ্ট ব্লেউ" নামৰ অত্যাধুনিক হোটেল খন ব্যতিক্ৰমী ভাৱে সজাই তোলাৰ লগতে থলুৱা কেইবাজনো যুৱক-যুৱতীক নিযুক্তি দিছে।