মথুৰাপুৰ চ'ছিয়েলয়েল ৱেলফেয়াৰ গ্রুপৰ প্ৰতিষ্ঠা দিৱস উদযাপন

২০১৮ চনত মথুৰাপুৰ অঞ্চলত স্থানীয় যুৱক সকলৰ উদ্যোগত মথুৰাপুৰ চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ গঠন হয় । ইয়াৰো পুৰ্বে শিক্ষকতা কৰি থকা বৰ্তমানৰ সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সহযোগত যুৱ প্ৰজন্মক কৰ্মমুখী কৰাৰ ক্ষেত্ৰত মথুৰাপুৰৰ একাংশ যুৱক একত্ৰিত হৈ কাম কৰাৰ উদেশ্যৰে গঠিত হোৱা মথুৰাপুৰ চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ আজি চতুৰ্থ বৰ্ষপূতি উদযাপন কৰে মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ত । কেক কাটি উদযাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে , বন্তি প্ৰজ্বলন কৰে যোগল বৰগোহাঁইয়ে।

উপস্থিত থাকে যোগল বৰগোঁহাই সমাজ কৰ্মী মথুৰাপুৰ । ব্ৰজেন চাংমাই প্ৰধান শিক্ষক আমগুৰি প্ৰাৰ্থমিক বিদ্যালয় । দিপাংকৰ চেতিয়া প্ৰধান শিক্ষক মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যিলয়। প্ৰিয়চেং চাওলু শিক্ষক চলা উচ্চ মাধ্যমিক বিদ্যালয় । খেলিলুৰ ৰহমান অৱসৰপ্ৰাপ্ত শিক্ষক মথুৰাপুৰ বাগিছা প্ৰাৰ্থমিক বিদ্যালয় । অতুল ৰাজকোঁৱৰ সমাজকৰ্মী নিমনাগড় ।