নুমলীগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰঙী আঞ্চলিক সমিতিৰ সংবাদমেল সম্বোধন।

বৃহত্তৰ মৰঙী মৌজাৰ জলন্ত সমস্যা হাতী মানুহৰ সংঘাত নিৰ্মূলত এক প্ৰকাৰ ব্যৰ্থ বনবিভাগ। আনহাতে চৰকাৰেও এক প্ৰকাৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।মৰঙী মৌজাত হাতী-মানুহৰ সংঘাতৰ বাবেই আনুমানিক প্ৰায় 1500 বিঘা কৃষি ভূমি চন পৰি ৰৈছে।যাৰ বাবে এতিয়া মৰঙী মৌজাৰ জলন্ত সমস্যা হাতী-মানুহৰ সংঘাত ৰোধৰ উপায় উলিয়াবৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰঙী আঞ্চলিক সমিতিয়ে।মৰঙী মৌজাৰ জলন্ত সমস্যা হাতী-মানুহৰ সংঘাত ৰোধৰ উপায় উলিয়াবৰ বাবে অনুষ্ঠিত কৰিছে জন সভা।আজি দৈগ্ৰোঙ পুথিভঁৰালত এক সংবাদমেল সম্বোধন কৰি উক্ত জন সভাত ৰাইজক সহযোগীতাৰ আহ্বান জনায়। অহা ২৯চেপেম্বৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰঙী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা জনসভাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকিব বুলি যুৱ ছাত্ৰ পৰিষদৰ বিষয় ববীয়া সকলে জানিবলৈ দিছে।