মোৰ দেহাটোৰ বাবে আজি ৰাইজৰ উপস্থিতিত এটি মহৎ অনুষ্ঠানৰ সংকল্প ল’লোঁ৷ আৰ্শীবাদ কৰিব৷’ –চাৰি ঘণ্টাৰ আগতে ফেচবুকৰ নিজৰ পেজত এই মন্তব্য কৰি চিৰদিনৰ কাৰণে বিদায় ল’লে বোকাখাতৰ বিশিষ্ট সাংবাদিক প্ৰদু্যত মহন্তই৷ ‘আমাৰ অসম’ কাকতৰ বোকাখাতৰ সাংবাদিক প্ৰদ্যুৎ মহন্তই আজি সন্ধিয়া নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ দীৰ্ঘদিন বোকাখাতৰ পৰা ‘আমাৰ অসম’ৰ প্ৰতিবেদক হিচাবে সংবাদসেৱা আগবঢ়াই অহা প্ৰদ্যুৎ মহন্ত ‘নিউজ ১৮ অসম’ৰো প্ৰতিবেদক আছিল৷ বোকাখাতৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত সাংবাদিক প্ৰদ্যুৎ মহন্ত বোকাখাতৰ ইলেক্ট্ৰ’নিক মিডিয়া জাৰ্নেলিষ্টি সন্থাৰ সম্পাদক, কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখ্য সচিব, গোলাঘাট জিলা সাংবাদিক সন্থাৰ পত্ৰিকা সম্পাদক হিচাবে কৰ্মৰত আছিল৷ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা প্ৰদ্যুৎ মহন্ত আজি বিয়লি অসুস্থ হৈ পৰাত নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়৷ চিকিৎসালয়তে প্ৰদু্যৎ মহন্তই শেষ নিশ্বাস ত্যাগ কৰে৷ জনহিতৈষী তথা সাংবাদ জগতত অতি জনপ্ৰিয়, অমায়িক ৪৯ বছৰীয়া প্ৰদু্যৎ মহন্তৰ অকাল বিয়োগত সমগ্ৰ বোকাখাত শোকস্তব্ধ হৈ পৰিছে৷ বোকাখাতৰ ইলেক্ট্ৰ’নিক মিডিয়া জাৰ্নেলিষ্টি সন্থা, কাজিৰঙা নিউজ নেটৱৰ্কৰ উপৰি বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব, নাট্যমন্দিৰ সমিতি আদি বিভিন্ন দল-সংগঠনে যুৱ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ অকাল বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ মৃত্যুৰ সময়ত প্ৰদ্যুৎ মহন্তই পত্নী জ্যোতিৰেখা শইকীয়াৰ উপৰি দুগৰাকী কন্যা সন্তানক এৰি থৈ যায়৷ অকালতে জীৱনবন্তি নিৰ্বাপিত হোৱা যুৱ সাংবাদিক প্ৰদ্যুৎ মহন্তই ‘আমাৰ অসম’ৰ বাবে আজি আবেলি প্ৰায় চাৰি বজাত লিখি উলিয়াইছিল এটা বাতৰি৷ এটা নামঘৰক লৈ লিখা এই বাতৰিটোৱেই আছিল প্ৰদ্যুৎ মহন্তৰ জীৱনৰ শেষ বাতৰি৷ কিন্তু বাতৰিটো লিখাৰ পাছতেই তেওঁ অসুস্থ হৈ পৰাত বাতৰিটো ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা নহ’ল৷ মুহূৰ্তৰ ব্যৱধানত প্ৰদ্যুৎ মহন্ত নিজেই হৈ পৰিল এটা দুখৰ বাতৰি৷ ‘আমাৰ অসম’ পৰিয়ালে প্ৰদ্যুৎ মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰিছে গভীৰ সমবেদনা৷ ‘আমাৰ অসম’ৰ গুৱাহাটী আৰু যোৰহাটস্থিত কাৰ্যালয়ত প্ৰদ্যুৎ মহন্তৰ স্মৃতিত সহকৰ্মীসকলে শোক প্ৰকাশ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોરબીના ઝુલતા પુલની દુર્ઘટના બાદ સ્વિમિંગનું જીવનમાં મહત્વ સમજાવવાતા સ્વેજલ વ્યાસ....
મોરબીના ઝુલતા પુલની દુર્ઘટના બાદ સ્વિમિંગનું જીવનમાં મહત્વ સમજાવવાતા સ્વેજલ વ્યાસ....
कोरोना वायरस का नया वेरिएंट बना सिरदर्द , WHO ने शुरू की इसकी पड़ताल
कोरोना वायरस का नया वेरिएंट बना सिरदर्द , WHO ने शुरू की इसकी पड़ताल
भारत समेत पूरी दुनिया...
'ये मीम, तांक-झांक और बहस... सब बकवास', Jyoti-Alok के विवाद पर बोलीं SDM Bushra Bano | Uttar Pradesh
'ये मीम, तांक-झांक और बहस... सब बकवास', Jyoti-Alok के विवाद पर बोलीं SDM Bushra Bano | Uttar Pradesh
ओझरेखुर्द येथे लाकडाच्या खोपित शिरलेल्या अजगराला जीवदान
संगमेश्वर : तालुक्यातील ओझरेखुर्द येथे महाकाय अजगर खोपीत (लाकडे ठेवण्याची जागा) बसला होता. हे...