মাজুলীৰ কমলাবাৰী ঘাটত অঘটন : বালিত আবদ্ধ হৈ দুঘন্টা ধৰি ব্ৰক্ষ্মপুত্ৰৰ মাজত ফেৰী

--------------------------------------------------------

মাজুলী নিমাটি ঘাটৰ অতি ব্যস্ত জলপথ কমলাবাৰী ফেৰি ঘাটত আজি বিয়লি ব্ৰক্ষ্মপুত্ৰৰ মাজত প্ৰায় দুঘন্টা ধৰি আবদ্ধ হয় এম ভি লোহিত নামৰ ফেৰীখন ।উল্লেখ যে নিমাটিৰ পৰা কমলাবাৰী অভিভিমুখে বিয়লি ৩.৩০ বজাত অহা ফেৰী খন হঠাৎ বালি চৰত লাগি ধৰা ফলত যাত্ৰী সকলৰ মাজত হাঁহাকাৰ পৰিবেশৰ সৃষ্টি হয় । বাতৰি লিখা পৰলৈকে SDRF বাহিনী সহ জল পৰিবহন বিভাগৰ বিষয়া ৰাওনা হৈছে যাত্ৰী সকলক উদ্ধাৰৰ বাবে। ফেৰী খনত অৰ্ধ শতাধিক যাত্ৰী লগতে ৰোগী সহ ত্ৰিশ খনৰো অধিক দুচকীয়া বাহন আছিল বুলি জানিব পৰা গৈছে ৷