মাজুলীৰ আগশাৰীৰ মাধ্যমিক শিক্ষা অনুষ্ঠান পীতাম্বৰদেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৩৭' সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয় । ১৯৮৬ চনৰ ১' আগষ্ট'ত মাজুলীৰ সদৰস্থানত প্ৰতিষ্ঠা লাভ কৰা পীতাম্বৰদেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় ( পূৰ্বৰ জুনিয়ৰ কলেজ ) ৰ গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা বিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰা হয় । তাৰপিছত শিক্ষক আৰু ছাত্ৰ- ছাত্ৰীসকলে কেইবাটাও গছপুলি ৰোপণ কৰে । ৩৭' সংখ্যক উক্ত প্ৰতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ যুগল নাথে । অনুষ্ঠানত পীতাম্বৰদেৱ গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ- সভানেত্ৰী ইলা শৰ্মা বৰঠাকুৰে । পীতাম্বৰদেৱ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে বিদ্যালয়ৰ ছাত্র একতা সভাৰ সভাপতি গজেন বৰাই । ইয়াৰ পাছতে প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা অনুষ্ঠিত হয় । অধ্যক্ষ যুগল নাথৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাৰ আঁত ধৰে প্ৰৱক্তা যদু কলিতাই । প্ৰতিষ্ঠা দিৱসৰ উক্ত মুকলি সভাত দেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম স্বাধীনতা সংগ্ৰামী, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ , " পীতাম্বৰদেৱ গোস্বামীৰ জীৱন আৰু সমাজলৈ অৱদান" সন্দৰ্ভত দীৰ্ঘ সময় বক্তৃতা প্ৰদান কৰে ইলা শৰ্মা বৰঠাকৰে । অনুষ্ঠানত ছাত্র- ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে । অনুষ্ঠানত শলাগ জ্ঞাপন কৰে ইংৰাজী বিভাগৰ প্ৰৱক্তা বসন্ত হাজৰিকাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Amazon पर समर सेल कल से हो रही लाइव, OnePlus के इन दो तगड़े फोन पर मिल रही धमाकेदार डील
अमेजन और फ्लिपकार्ट पर कल से सेल शुरू हो रही है। इस सेल के साथ टॉप ब्रांड के स्मार्टफोन सस्ते हो...
शिवश्री सौरभ वाघोडे महाराष्ट्र महायुवा वक्ता यांचे जाहीर व्याख्यान
जळगाव जामोद
शिवश्री सौरभ वाघोडे महाराष्ट्र महा युवा वक्ता यांचे जाहीर व्याख्यान दिनांक 28...
Gujrat politics | અધ્યક્ષ પદનું ફોર્મ ભર્યા પછી @shankarchaudhary શુ કહ્યું | K9newsgujratichannel
Gujrat politics | અધ્યક્ષ પદનું ફોર્મ ભર્યા પછી @shankarchaudhary શુ કહ્યું | K9newsgujratichannel
વાંકાનેરના ઢુવા ગામે વાડીમાં ચાલતા જુગારધામ ઉપર LCBની રેડ ;12 જુગારીઓ ઝડપાયા ; ₹ 3.17 લાખનો મુદામાલ કબ્જે લીધો
સૌરાષ્ટ્રમાં શ્રાવણની શરૂઆત અગાઉજ જુગારીઓ સક્રિય થઈ ગયા છે અને ઠેરઠેર જુગાર રમવાની શરુઆત થઈ ગઈ છે...