নাজিৰা মহকুমাৰ শিমলুগুৰিত কোচ ৰাজবংশী সন্মিলনীৰ ৰেল অৱৰোধ কাৰ্যসূচী।

শিমলুগুৰি ৰেল ষ্টেচনত ৰেল পথ অৱৰোধকাৰ্য্যসূচী।সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ আহ্বানত যুৱ-ছাত্ৰ আৰু মহিলা সন্মিলনীৰ সহযোগত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আজি শিৱসাগৰ জিলাৰ শিমলুগুৰিত হাজাৰ হাজাৰ লোকে  ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷ শিমলুগুৰি ৰে'লগেটত হাজাৰ হাজাৰ লোক ওলাই আহি কোচ ৰাজবংশীসকলক অতি সোনকালে জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিবাদত নো এছ টি নো ৰেষ্ট, এছ টি আমাৰ প্ৰাপ্য, সদৌ কোচ ৰাজবংশী যুব ছাত্ৰ সন্মিলনী জিন্দাবাদ আদি শ্লোগ্নানেৰে  ৰে'লপথ অৱৰোধ কৰি প্ৰতিবাদ কৰে।

অসমৰ  কোচ ৰাজবংশীসকলক  প্ৰতিবাৰে জনজাতিকৰণৰ নামত চৰকাৰে প্ৰতাৰণা কৰি আহিছে। যদিহে নিৰ্বাচনৰ আগে‌ আগে শীঘ্ৰে চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে, ইয়াৰ প্ৰত্যুত্তৰ কোচ ৰাজবংশী ৰাইজে ৰাজনৈতিকভাৱে দিব বুলি প্ৰকাশ কৰে সদৌ কোচ ৰাজবংশী সন্মিলনীৰ বিষয়ববীয়াসকলে৷