মাজুলীৰ আগশাৰীৰ মাধ্যমিক শিক্ষা অনুষ্ঠান পীতাম্বৰদেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৩৭' সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয় । ১৯৮৬ চনৰ ১' আগষ্ট'ত মাজুলীৰ সদৰস্থানত প্ৰতিষ্ঠা লাভ কৰা পীতাম্বৰদেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় ( পূৰ্বৰ জুনিয়ৰ কলেজ ) ৰ গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা বিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰা হয় । তাৰপিছত শিক্ষক আৰু ছাত্ৰ- ছাত্ৰীসকলে কেইবাটাও গছপুলি ৰোপণ কৰে । ৩৭' সংখ্যক উক্ত প্ৰতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ যুগল নাথে । অনুষ্ঠানত পীতাম্বৰদেৱ গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ- সভানেত্ৰী ইলা শৰ্মা বৰঠাকুৰে । পীতাম্বৰদেৱ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে বিদ্যালয়ৰ ছাত্র একতা সভাৰ সভাপতি গজেন বৰাই । ইয়াৰ পাছতে প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা অনুষ্ঠিত হয় । অধ্যক্ষ যুগল নাথৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাৰ আঁত ধৰে প্ৰৱক্তা যদু কলিতাই । প্ৰতিষ্ঠা দিৱসৰ উক্ত মুকলি সভাত দেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম স্বাধীনতা সংগ্ৰামী, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ , " পীতাম্বৰদেৱ গোস্বামীৰ জীৱন আৰু সমাজলৈ অৱদান" সন্দৰ্ভত দীৰ্ঘ সময় বক্তৃতা প্ৰদান কৰে ইলা শৰ্মা বৰঠাকৰে । অনুষ্ঠানত ছাত্র- ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে । অনুষ্ঠানত শলাগ জ্ঞাপন কৰে ইংৰাজী বিভাগৰ প্ৰৱক্তা বসন্ত হাজৰিকাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Golaghat Soil Send Illegelৰ ধনশিৰি নদীৰ পাৰত অবৈধ খনন।বালি মাটিৰ চিন্ডিকেট চলাইছে একাংশ মাফিয়াই।
Golaghat Soil Send Illegel
OC==গোলাঘাটৰ ধনশিৰি নদীৰ পাৰত অবৈধ খনন।বালি মাটিৰ চিন্ডিকেট...
6GB रैम 5000 mAh बैटरी वाला Redmi का ये फोन मिल रहा 7 हजार रुपये सस्ता, यहां चल रही तगड़ी डील
REDMI 11 Prime स्मार्टफोन को फ्लिपकार्ट पर काफी कम कीमत में लिस्ट दिया गया है। फीचर्स की बात करें...
Farmer Protest : पंजाब में एकजुट हुए किसान, दिल्ली की तरफ़ बढ़ चले, बॉर्डर पर नाकाबंदी (BBC Hindi)
Farmer Protest : पंजाब में एकजुट हुए किसान, दिल्ली की तरफ़ बढ़ चले, बॉर्डर पर नाकाबंदी (BBC Hindi)
बिहार की सभी 4 सीटों पर NDA की जीत:इमामगंज से मांझी की बहू, तरारी से बाहुबली के बेटे ने मारी बाजी
बिहार में सभी 4 विधानसभा सीटों पर उपचुनाव के नतीजे आ गए हैं। चारों सीटों पर NDA ने जीत दर्ज की...
Gurdaspur Crime: रिश्तों को किया कलंकित, पिता ने किया अपनी नाबालिग बेटी से दुष्कर्म, मामला दर्ज
थाना बहरामपुर के अधीन आते इलाके में रिश्तों को कलंकित करने वाला एक मामला सामने आया है। जहां पर एक...