উজনি অসমৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান মৰাণ কলেজৰ আজি অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ আজি ঘোষিত ফলাফল অনুসৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সভাপতি পদত সিদ্ধাৰ্থ দত্ত, উপ-সভাপতি ৰক্তোপল জ্যোতি মহন, সাধাৰণ সম্পাদক হিচাপে হীৰ্ষজ্যোতি মহন, সহকাৰী সাধাৰণ সম্পাদক আশীষ চুতীয়া, সমাজসেৱা বিভাগৰ সম্পাদিকা ছায়ামণি বৰা, সাংস্কৃতিক সম্পাদক প্ৰান্তিক দাস, আলোচনী বিভাগৰ সম্পাদিকা নিলাক্ষী বৰা, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা বৃষ্টি শইকীয়া, তৰ্ক বিভাগৰ সম্পাদক হিচাপে হিৰণজ্যোতি ফুকন বিজয়ী হোৱাৰ উপৰি ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে জ্ঞানদীপ ফুকন৷ আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হৈ ক্ৰীড়া সম্পাদক হিমাংশু বৰগোঁহাই আৰু উৎসৱ বিভাগৰ সম্পাদিকা হিচাপে বৃষ্টিৰাণী চেতিয়া বিজয়ী হোৱাৰ বিপৰীতে ‘আছু’ সমৰ্থিত একমাত্ৰ প্ৰাৰ্থী বাস্তৱ চুতীয়াই বিনা প্ৰতিদ্বন্দ্বিতাৰে শৰীৰ চৰ্চা বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिल्ह्यामध्ये दिवसभरात १७ रुग्ण कोरोना पॉझिटिव्ह
संत गाडगे बाबा अमरावती विद्यापीठ, डॉ पंजाबराव देशमुख महाविद्यालय प्रयोगशाळा, रॅपिड...
🟣বন্যাৰ্তৰ কাষত ঠিয় হৈ প্ৰশাসনৰ লোকক বাৰুকৈয়ে তুলাধূনা দিলে বিধায়ক সুমন হৰিপ্ৰিয়াই
🟣বন্যাৰ্তৰ কাষত ঠিয় হৈ প্ৰশাসনৰ লোকক বাৰুকৈয়ে তুলাধূনা দিলে বিধায়ক সুমন হৰিপ্ৰিয়াই
આજરોજ ડભોઇ તાલુકાના વણાદરા ગામમાંથી છેલ્લા ચાર વર્ષથી પગપાળા યાત્રા ફાગવેલ ગામે ભાથુજી યુવક મંડળના
આજરોજ ડભોઇ તાલુકાના વણાદરા ગામમાંથી છેલ્લા ચાર વર્ષથી પગપાળા યાત્રા ફાગવેલ ગામે ભાથુજી યુવક મંડળના