মৰাণ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ ন-পুৰণি ছাত্র ছাত্রীৰ মিলন সমাৰোহ

        যোৱা ২৪ আৰু ২৫ চেপ্তেম্বৰত ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ ন-পুৰণি ছাত্র ছাত্রীৰ মিলন সমাৰোহখনি দুদিনীয়া বর্ণাঢ্য কার্যসূচীৰে অনুষ্ঠিত হৈ যায়। ১৯৯০ চনত স্বীকৃতি লাভ কৰা মৰাণ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ কেইবা শতাধিক ছাত্র ছাত্রীক একেলগ কৰাৰ মানসেৰে প্রথমবাৰৰ বাবে মৰাণ মহাবিদ্যালয় শিক্ষাতত্ত্ব বিভাগ আৰু বিভাগৰ প্ৰাক্তন ছাত্র ছাত্রীসকলৰ দ্বাৰা মিলন সমাৰোহখনি অনুষ্ঠিত হৈ যায়। মৰাণ কাৰেং সভাগৃহত অনুষ্ঠিত কাৰ্যসূচীৰ ২৪ চেপ্তেম্বৰত পুৱা অনুষ্ঠানটিৰ পতাকা উত্তোলন কৰে মৰাণ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা, সুলেখিকা কল্পনা বৰাই। মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰে স্মৃতি তৰ্পন কাৰ্য্যসূচী সমাপন লগতে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে। । অনুষ্ঠানটিৰ সফলতা কামনাৰে বন্তি প্ৰজ্বলন কৰে মৰাণ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰাজেন্দ্ৰ প্ৰসাদ বৰঠাকুৰে। 

প্রাক্তন ছাত্র-ছাত্রীসকলৰ পঞ্জীয়নৰ পাছতেই শিক্ষাতত্ত্ব বিভাগৰ অধ্যয়নৰত ছাত্র-ছাত্রীসকলে সমৱেত সংগীত পৰিৱেশনেৰে মিলন সমাৰোহৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপিকা ড° পূৰবী নাথ চলিহাৰ লগতে বিভাগৰ সহকাৰী অধ্যাপিকা জোৎস্না কামান টাইড আৰু ৰিণি সোণোৱালে প্ৰাক্তন ছাত্র- ছাত্রীসকল আদৰণি জনায়।। উদযাপন সমিতি সভাপতি তথা মৰাণ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা আল্পনা গগৈ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত মিলন সমাৰোহ সভাত স্মৃতিগ্ৰন্থ " সমন্বয় সুবাস "ৰ শুভ উন্মোচন কৰে সাংবাদিক পেঞ্চনাৰ তথা মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাছা বৰাই। উক্ত সভাত মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মীনাক্ষী পাত্ৰ , মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা নীলিমা তালুকদাৰ, মৰাণ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° অসীমাভ দত্ত , ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক নবীন গগৈ, গ্ৰন্থাগাৰিক দ্বীপেন গগৈ , অধ্যাপিকা মামনি ফুকন বুঢ়াগোঁহাই, অৰ্থনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° নিশি বৰগোহাঁই, অশোক দত্ত, ড° ৰাজীৱ হাজৰিকা, ড° তুলসী সোণোৱাল, ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা গীতিমা শইকীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক নালন্দা সোণোৱাল, অংকশাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপিকা ৰাণুমণি বৰুৱা, উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা দেৱযানী পাটগিৰি, উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° ভানুপ্ৰভা শইকীয়া, বুৰঞ্জী বিভাগৰ অধ্যাপক তুলসী দাস, মহাবিদ্যালয় কাৰ্যালয় সহায়ক ৰাজকুমাৰ বৰুৱামহাবিদ্যালয় কাৰ্যালয় সহায়ক হৰেন ফুকন , মৰাণ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ প্ৰশান্ত দত্ত, অৰুণোদয় সংবাদৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ত্ৰৈলোক্য চেতিয়া , জ্যেষ্ঠ সাংবাদিক অৰুণ নাগ, সাংবাদিক প্ৰণৱ ডেকাবৰুৱা, যুৱ সাংবাদিক সঞ্জীৱ বৰাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰাক্তন ছাত্র- ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠানটি প্ৰাক্তন ছাত্র ছাত্রী সকলে অতীত সোঁৱৰণ কৰাৰ লগতে কবিতা, সংগীত , নৃত্য প্ৰদৰ্শন কৰে। প্ৰাক্তন ছাত্র সত্যৰঞ্জন বুঢ়াগোহাঁই আৰু প্ৰাক্তন ছাত্রী ৰেইনী ৰাজখোৱাৰ পৰিচালনাৰে সম্পন্ন হোৱা সাংস্কৃতিক অনুষ্ঠানত সৃষ্টিমূলক দলীয় নৃত্য, বিহু হুঁচৰি , বিভাগৰ ছাত্রসকলে গীত পৰিৱেশন কৰাৰ পিছতে প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰে। 

  ২৫ চেপ্তেম্বৰত পুৱা ৯ বজাত প্ৰাক্তন ছাত্র ছাত্ৰীসকলৰ দ্বাৰা বৃক্ষ ৰোপনেৰে দিনটোৰ কাৰ্য্যসূচী আৰম্ভ হয়। শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা আল্পনা গগৈ ভূঞাৰ সঞ্চালনাত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। "বৰ্তমান সময়ত ন-পুৰণি শিক্ষাৰ্থীৰ মিলন সমাৰোহৰ গুৰুত্ব আৰু প্ৰাসংগিকতা " শীৰ্ষক আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে অংশগ্ৰহণ কৰে। 

মুকলি সভাখনিৰ সভাপতিত্ব কৰে মৰাণ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° অসীমাভ দত্তই। উক্ত সভাতেই শিক্ষাতত্ত্ব বিভাগৰ সকলো শিক্ষাগুৰুক সম্বন্ধনা জ্ঞাপন কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। উক্ত সভাত মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অনিল শইকীয়া, অসম চৰকাৰৰ অমল প্ৰভা দাস বঁটা বিজয়ী, উপন্যাস সম্ৰাজ্ঞী তথা মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ইলা বৰগোহাঁই ইলা বৰগোহাঁই, মৰাণ মহাবিদ্যালয়ৰ ভুগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন বড়া, খোৱাং পিথুবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা সোণতৰা খনিকৰ , মৰাণ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° নন্দিতা গগৈ, মহাবিদ্যালয়ৰ কাৰ্য্যালয় সহায়ক ক্ৰমে ৰবীন বৰা, ঈশ্বৰ বৰুৱা, ৰুদ্ৰ সন্দিকৈ, অৰুপ কমল দাস, বিশিষ্ট সমাজকৰ্মী হেম বড়া, লেঙেৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নীলকান্ত গগৈৰ লগতে মৰাণ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, অঞ্চলটিৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উদযাপন সমিতিৰ মুখ্য সম্পাদক দেৱন সোণোৱালে সভাৰ শলাগৰ শৰাই আগবঢ়ায়। 

মৰাণৰ বিশিষ্ট সংগীত ব্যৱস্থাপক তথা ফিউজন ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী ৰাজীৱ শৰ্মাই শুভ উদ্বোধন কৰা দ্বিতীয় দিনৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্রিয় সংগীতশিল্পী নীল আকাশ, কুসুম কৈলাশ,মাধৱ ৰঞ্জন, মীৰদীপ, কৃষ্ণৰাজে গীত পৰিৱেশন কৰে। অনুষ্ঠানটিৰ সফল সামৰণি হোৱাত সহায় আগবঢ়োৱাৰ বাবে উদযাপন সমিতিৰ হৈ উদযাপন সমিতিৰ মুখ্য সম্পাদক দেৱন সোণোৱাল, যুটীয়া সম্পাদক জ্ঞানেন্দ্ৰ চুতীয়া, আৰু ত্ৰিদীপ গগৈয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।