নৱৰাত্ৰিৰ প্ৰথমটো দিনটোতে মা কামাখ্যাৰ আশিস ল’লে বলীউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰীয়ে৷ সোমবাৰে পুৱাই কামাখ্যা ধামত উপস্থিত হয় অভিনেত্ৰী মহিমা চৌধুৰী৷ দুৰ্গা পূজাৰ নৱৰাত্ৰিৰ আৰম্ভণিতে কামাখ্যা মন্দিৰত চাকি-বন্তি জ্বলাই মা কামাখ্যাৰ শ্ৰীচৰণত পূজা কৰে মোহময়ী অভিনেত্ৰীগৰাকীয়ে৷ দুই সহযোগীৰ সৈতে কামাখ্যাত উপস্থিত হোৱা মহিমা চৌধুৰীয়ে শাৰীৰিক অসুস্থতাৰ বাবে সংবাদমাধ্যমক মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ উল্লেখ্য ‘পৰদেশ’ খ্যাত অভিনেত্ৰী মহিমা চৌধুৰী স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে৷ কৰ্কটক জয় কৰাৰ বাবেই অভিনেত্ৰী গৰাকীয়ে মা কামাখ্যাৰ আশিস ল’বলৈ নীলাচল পাহাৰত উপস্থিত হোৱা বুলিও শুভাকাংক্ষীসকলৰ মাজত চৰ্চা চলিছে৷ মহিমা চৌধুৰী স্তনৰ কৰ্কটত আক্ৰান্ত হোৱাৰ খবৰ দুমাহ পূৰ্বে প্ৰথম বাৰলৈ ৰাজহুৱা কৰিছিল বলীউডৰ প্ৰখ্যাত অভিনেতা অনুপম খেৰে৷ অনুপম খেৰে এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অভিনেত্ৰী মহিমা চৌধুৰীৰ সাহস আৰু যুঁজাৰু মনোভাৱক প্ৰশংসা কৰিছিল৷ অনুপম খেৰে মহিমাৰ এটা ভিডিঅ’ ইনষ্টগ্ৰামত প্ৰকাশ কৰি লিখিছিল যে – স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত মহিমাই মনৰ শক্তিয়ে সমগ্ৰ বিশ্বৰ অগণন মহিলাক আশাৰ ৰশ্মি দিব পাৰে৷ অনুপম খেৰে ভিডিঅ’টোৰ শিৰোনাম দিছিল– ‘মহিমা চৌধুৰীৰ সাহস আৰু কৰ্কট ৰোগৰ কাহিনীঃ মই এমাহ আগতে তেওঁক আমেৰিকাৰ পৰা ফোন কৰিছিলোঁ৷ মই তেওঁক মোৰ চলচ্ছিত্ৰ ‘দ্য ছিগনেচাৰ’ত অভিনয় কৰাব বিচাৰিছিলোঁ৷ তেতিয়াই মই গম পাইছিলোঁ যে তেওঁ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে৷ কথা পাতি মই উপলব্ধি কৰিছিলোঁ যে তেওঁৰ মনৰ শক্তিয়ে সমগ্ৰ বিশ্বৰ অগণন মহিলাক আশাৰ ৰশ্মি দিব পাৰে৷ তেওঁ বিচাৰিছিল যে মই সকলোকে খবৰটো কওঁ৷ মহিমা, তুমি আমাৰ নায়ক৷ বন্ধুসকল, সকলোৱে তেওঁক মৰম, শুভকামনা আৰু কল্যাণেৰে ভৰাই তোলক৷’ অনুপম খেৰে মহিমাক কৰ্কট ৰোগৰ বিষয়ে কেনেকৈ জানিলে বুলি সোধাত তেওঁ কয়– ‘মোৰ ভিতৰত কোনো লক্ষণ নাছিল৷ মই পৰীক্ষাটো কৰিছিলোঁ৷ যেতিয়া মই চিকিৎসকক লগ পাইছিলোঁ, কৰ্কট ৰোগৰ প্ৰাক-কোষবোৰ দেখাৰ কথা কৈছিল৷ চিকিৎসকসকলে কৈছে যে এইটো ১০০ শতাংশ নিৰাময়যোগ্য৷ যেতিয়া মই কান্দি আছিলোঁ, মোৰ ভনীয়ে মোক বুজাইছিল যে আপুনি কিয় কান্দি আছে৷ মই কৈছিলোঁ, ‘কেন্সাৰ খুব ভয়ংকৰ৷’ যেতিয়া অনুপম খেৰে কৰ্কট ৰোগত আক্ৰান্ত মহিলাসকলৰ বাবে কিবা ক’বলৈ কৈছিল, মহিমাই কৈছিল- ‘‘মই মহিলাসকলৰ পৰা শিকি আছোঁ৷ কেম’ৰ বাবে অহা মহিলা, যি চিকিৎসাৰ বাবে আহে৷ সেইবোৰে মোক স্বাভাৱিক কৰি তোলে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mamata Banerjee को दे देना चाहिए इस्तीफा, वह न्याय देने में सक्षम नहीं, प्रहलाद जोशी ने किया जोरदार प्रहार
केंद्रीय मंत्री प्रहलाद जोशी ने पश्चिम बंगाल की मुख्यमंत्री ममता बनर्जी की आलोचना करते हुए दावा...
કોંગ્રેસ દ્વારા મોંઘવારી તેમજ બેરોજગારી મુદ્દે બેઠક
#buletinindia #gujarat #dabhoi
आम आदमी पार्टी पर सख्त हुआ सुप्रीम कोर्ट, 10 अगस्त तक कार्यालय खाली करने का आदेश
आम आदमी पार्टी (आप) को अंतिम अवसर देते हुए सर्वोच्च न्यायालय ने सोमवार को राष्ट्रीय राजधानी में...
A Common Man: A Story About Struggling Every Day | Best Power Bank of Daily Use | A Common Man
A Common Man: A Story About Struggling Every Day | Best Power Bank of Daily Use | A Common Man
देवेंद्रनगर के मरहा मोड़ के पास पलटी बस 20 यात्री घायल
**देवेंद्रनगर के पास मरहा मोड पर बस पलटी, 20 घायल**
{रिपोर्टर अशोक विश्वकर्मा पन्ना}...