সোণাৰিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ আধাৰশিলা স্থাপন

আজি নাফুক সাৰ্বজনীন ভাগৱতী নামঘৰৰ জ্ঞাতি বৰ্গৰ তথা ভক্ত বৈষ্ণৱ সকলৰ সুবিধাৰ্থে পঞ্চদশ ২০২০-২০২১ বিত্তীয় বৰ্ষৰ সাহায্য পুঁজিৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকা ব্যয়ৰে মিজাৰেবল টিউৱেল, শৌচালয় আৰু প্ৰস্ৰাবগাৰ নিৰ্মাণৰ আধাৰ শিলা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। তেখেতে নামঘৰৰ জ্ঞাতি বৰ্গৰ বহু দিনীয়া এটা সমস্যা আজি দূৰ হ'ল বুলি মন্তব্য কৰে।

    উক্ত অনুষ্ঠানত বিধায়ক গৰাকীৰ লগত উপস্থিত থাকে জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, তাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰ, জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰ, চাফ্ৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি গগৈ ৰাজকুমাৰী আৰু বহু কেইজন দলীয় কাৰ্যকৰ্তা।