SLUG=Dergaon khonikor puthi

*হৰিনামে মুখৰিত দেৰঁগাৱৰ আফুৱাগাঁও*

*দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে দেৰগাঁৱৰ আফুৱাগাঁও*

দেৰগাঁৱৰ আফুৱা গাঁৱত দেওবাৰ আৰু সোমবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হৈছে খনিকৰ পুথি নাম কীৰ্ত্তন।কেইবা শতাধিক ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতিত হৰি নামে মুখৰিত হয় বৃহত্তৰ আফুৱাগাঁও অঞ্চল।আফুৱাগাঁও যুৱ সংঘৰ উদ্যোগত আৰু আফুৱা গাঁও সমূহ ৰাইজৰ সহযোগত শান্তি সম্প্ৰীতিৰ উদ্দেশ্যে অনুষ্ঠিত হৈছে মহিমা মণ্ডিত শ্ৰী শ্ৰী খনিকৰ পুথি নাম কীৰ্ত্তন।সেৱকী সমষ্টই গাঁও বাসীৰ কুশল মঙ্গল কামনা কৰি এই খনিকৰ পুথি নাম কীৰ্ত্তন অনুষ্ঠিত কৰিছে।কালি সন্ধ্যাৰ ভাগত ধৰ্মীয় স্থলীত এনেদৰে ধূপ নৈবেদ্য আৰু শৰাই আগবঢ়াই সেৱা লয় ওৰে ৰাত্রী শ্ৰৱণ কীৰ্ত্তনে দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত কৰে সমগ্র দেৰগাঁও।আজি পুৱা বেলাও ভক্ত সকলে চাকি-বন্তি জ্বলাই মহিমামণ্ডিত পুথি ভাগৰ ওচৰত সেৱা লয়। এই পুথি ভাগৰ এক ইতিহাস আছে গোলাঘাট জিলাৰ খনিকৰ গাঁৱত মানৰ অসম আক্ৰমণৰ সময়তে উদ্ধাৰ হোৱা তথা বৰ্তমানলৈকে সংৰক্ষিত অৱস্থাত থকা অসমৰ এক জাতীয় সম্পদ হৈছে ঐতিহাসিক খনিকৰ পুথি। বিভিন্ন আধ্যাত্মিক আৰু প্ৰবাদ বিজড়িত অসমীয়া জাতিৰ স্বৰ্ণময় ইতিহাসৰ সাক্ষী হৈছে এই আপুৰুগীয়া খনিকৰ পুথি খন।

খনিকৰ পুথি দৰাচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱ আৰু শ্ৰীমন্ত মাধ‌ৱদে‌ৱৰ দ্বাৰা ৰচিত “কীর্তন” আৰু “নামঘোষা” নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। জনপ্ৰবাদ মতে, মানৰ অসম আক্ৰমণৰ সময়তেই খনিকৰ গাঁৱৰ নি‌বাসী মণি বৰু‌ৱা নামে ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল।

বৰ্তমান সময়তো এই পুথিৰ ওচৰত সে‌ৱা ধৰিবলৈ অহা আৰু স্বগৃহলৈ নি পাঠ কৰি পূণ্য অর্জন কৰিবলৈ বিচৰা ভক্তৰ লগতে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকৰ সমাগমে খনিকৰ গাঁ‌ও খন সমৃদ্ধ কৰি ৰাখিছে। উল্লেখযোগ্য যে, খনিকৰ পুথি কোনো বাহনত তোলা নহয় ৷ য'লৈকে নিয়া হয় পুথিখন মুৰৰ ওপৰত লৈ খোজকাঢ়ি নিয়া হয়