গোলাঘাট পৌৰসভা সৌজন্যত আৰু জিলা প্ৰশাসনৰ সহযোগিতাৰে সৌন্দৰ্য বৰ্ধনৰ নামত পুৰণি গছ কটা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া
সোমবাৰে গোলাঘাট নগৰত পুনৰ কটা হল এটি প্ৰকাণ্ড পুৰনি গছ।
গোলাঘাট নগৰৰ মাজমজিয়া স্থিত ASTC বাচ আস্থানৰ সমীপত অবস্থিত জ্যোতিৰ্ময় শিশু উদ্যানৰ এজোপা বহু পুৰণি প্ৰকাণ্ড গছ কটাক লৈ সৰ্বত্রে ব্যাপক প্ৰতিক্ৰিয়া ।
কিয়নো বছৰ বছৰ ধৰি উক্ত গছ জোপাই উক্ত পথেৰে জুৱা পঠাচাৰিক ৰদৰ উত্তাপৰ পৰা বচাই ছাঁ প্ৰদান কৰি আহিছিল। উল্লেখযোগ্য যে শেহতীয়াকৈ গঠন হোৱা বিজেপি নেতৃত্বাধীন গোলাঘাট পৌৰসভাই ক্ষমতালৈ আহিয়েই নগৰৰ বিভিন্ন উদ্যান সমূহৰ সৌন্দৰ্য বৰ্ধনৰ নামত পুৰনি গছ সমূহ কটা কাৰ্য আৰম্ভ কৰিছে আৰু এই ক্ষেত্ৰত পূৰ্ণ সহযোগীতা আগবঢ়াইছে জিলা প্ৰশাসন তথা বন বিভাগে।