অসমৰ সৈতে থকা আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিত বাবে আলোচনাক প্ৰাধান্য দিছে অসম চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ অনুসৰি আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিব বিচাৰিছে অসম চৰকাৰে। শনিবাৰে জনতা ভৱনত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিত বাবে শুকুৰবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী নামচাইট আলোচনাত মিলিত হৈছিল। সেইমৰ্মে বিবদমান ১২৩ খন গাঁৱৰ ভিতৰত ৩৭ খনৰ বিবাদ নিষ্পত্তিত দুয়োগৰাকী মুখ্যমন্ত্ৰী ঐক্যমতত উপনীত হয় আৰু নামচাই ঘোষণা পত্ৰত স্বাক্ষৰ কৰে।

ড° শৰ্মাই জনোৱা মতে এয়া ঐতিহাসিক সিদ্ধান্ত আৰু অহা ১৫ ছেপ্টেম্বৰৰ পূৰ্বে আৰু কেইখনমান গাঁৱৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব। মেঘালয়ৰ সৈতে বাকী থকা ৬ এলেকাৰ বিবাদৰ ক্ষেত্ৰতো পুনৰ ৪ এলেকাত বিবাদ নিষ্পত্তিৰ বাবে দুয়োখন চৰকাৰ আগবাঢ়িছে। মিজোৰামৰ সৈতে আলোচনা আৰম্ভ কৰাৰ বাবে অচিৰেই অসমৰ সীমান্ত উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা ৰাজ্যখনলৈ যাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। অৱশ্যে নাগালেণ্ডৰ সৈতে উচ্চতম ন্যায়ালয়ত বুজাবুজিৰ মাজেৰে বিবাদ দূৰ কৰাৰ বাবে দুয়োখন চৰকাৰে সিদ্ধান্ত লৈছে। এই বিবাদ দূৰ নোহোৱা পৰ্য্যন্ত অসম আৰু নাগালেণ্ডে সীমান্তত শান্তি আৰু সৌহাদ্যপূৰ্ণ বাতাবৰণ অক্ষুন্ন ৰাখিব।