SLUGNAME: MOHAMILAN

এটা বা দুটা বছৰ নহয়, সুদীৰ্ঘ ৪৫ টা বছৰৰ বিৰতিত মহামিলন ঘটিছে মেৰাপানী দুই ভাতৃ ভগ্নীৰ। সাইলাখ চিনেমাৰ কাহিনীৰ দৰে দুই ভাতৃ ভগ্নীৰ এই মহামিলনৰ ঘটনাই এতিয়া বিস্মিত কৰি তুলিছে মেৰাপানীৰ ৰামপুৰ গাঁওবাসীক। সোমবাৰে সকলোকে আচৰিত কৰি চাৰিটা দশকৰ পাছত ৰামপুৰৰ আপোন ঘৰখনত উপস্থিত হয়হি চন্দ্ৰমায়া ৰায় নামৰ মহিলাগৰাকী। বহিঃৰাষ্ট্ৰ নেপালৰ পৰা আহি মেৰাপানীৰ ৰামপুৰ গাঁৱত চন্দ্ৰমায়া ৰায় উপস্থিত হোৱাৰ লগে লগে ভাতৃ পদুম কুমাৰ ৰায় আনন্দত আত্মহাৰা হৈ পৰে। এক মাংগলীক অনুস্থানৰ মাজেৰে গাঁওবাসীৰ উপস্থিত নিজ ঘৰলৈ ভগ্নীক আগবঢ়াই নিয়ে ভাতৃ পদুম কুমাৰে। তথ্য অনুসৰি, ১৯৭৭ চনতে আত্মীয়ৰ সৈতে নাগালেণ্ডৰ ডিমাপুৰত ফুৰিবলৈ গৈ নিৰূদ্দেশ হৈছিল ১৩ বছৰীয়া মাৰুনি ওৰফে চন্দ্ৰমায়া ৰায়। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত অৱশেষত মাৰুনিক লগ পোৱাৰ আশা ত্যাগ কৰিছিল পৰিয়ালৰ লোকে। ইফালে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ কিছুদিন ডিমাপুৰতে কটাই সংযোগক্ৰমে নেপালৰ এজন ব্যক্তি সৈতে বিবাহ কৰি নেপাললৈ গুচি যায় মাৰুনি। দিন বছৰ অতিবাহিত হৈ চাৰিটা দশক পাৰ হ'ল, চাৰি সন্তানৰ দুজনৰো ইতিমধ্যে বিবাহ সম্পন্ন হ'ল। আপোন ঘৰখনলৈ প্ৰায়ে মনত পৰে যদিও মেৰাপানী নামটোৰ বাদে মাৰুনিৰ মনত নাছিল জন্মঠাইৰ সম্পূৰ্ণ ঠিকনা। কিন্তু সৌভাগ্যক্ৰমে মাৰুনি ওৰফে চন্দ্ৰমায়াৰ এগৰাকী কন্যাৰ বিবাহ সম্পন্ন হয় নাগালেণ্ডৰ ডিমাপুৰৰ এজন যুৱকৰ সৈতে। আৰু সেইগৰাকী কন্যাই মাতৃৰ মুখত শুনি অহা মেৰাপানী নামৰ ঠাইখনৰ সন্ধানত এদিন উপস্থিত হয়হি ৰামপুৰৰ মোমায়েকৰ ঘৰত। সেইগৰাকী কন্যাৰ খবৰৰ ভিত্তিতেই অৱশেষত সম্পূৰ্ণ ৪৬ টা বছৰৰ অন্তত সোমবাৰে ৰামপুৰৰ ঘৰখনত উপস্থিত হয় মাৰুনি ওৰফে চন্দ্ৰমায়া ৰায়। সম্প্ৰতি নেপালৰ বিৰতামল অঞ্চলৰ ইলাম জিলাৰ বাসিন্দা চন্দ্ৰমায়া ৰায় হথাত জন্মভূমিত উপস্থিত হোৱাৰ সুখ আৰু আনন্দত চকুলো বাগৰি আহিল ভাতৃ পদুম কুমাৰৰ। ভাতৃ ভগ্নীৰ এই মহামিলনৰ দৃশ্যৰ সাক্ষী হৈ ৰ'ল ৰামপুৰ গাঁৱৰ একাংশ স্থানীয় লোকো। কিছুদিন ভাতৃৰ ঘৰত কটাই পুনৰ নেপাললৈ উভটি যাব চন্দ্ৰমায়া ৰায়। সোমবাৰে চন্দ্ৰমায়া ৰায়ৰ লগত ৰামপুৰত উপস্থিত হৈছিলহি দুই কন্যাৰ লগতে এজন