জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি অবিৰত সংগ্ৰাম চলাই অহা ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে৷ ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ ছয় জনগোষ্ঠী ঐক্য মঞ্চই ৬ ছেপ্টেম্বৰত জনজাতিকৰণৰ দাবীত আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ পাচত ঐক্য মঞ্চৰ বিৰুদ্ধে সম্প্ৰতি সৰব হৈ উঠিছে মঞ্চৰ অন্তৰ্ভূক্ত ৬ টাকৈ জনগোষ্ঠীয় সংগঠন৷ আজি মৰাণৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত এখন সংবাদমেল সম্বোধন কৰি টাই আহোম যুৱ পৰিষদ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ চুতীয়া জাতি সন্মিলন, চুতীয়া জাতি যুৱ সন্মিলন আৰু সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ নেতৃবৃন্দই ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে আৰু জনজাতিকৰণৰ দাবীক লৈ সংগঠনকেইটাই চৰকাৰৰ সৈতে কোনোধৰণৰ আলোচনাত মিলিত হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে৷ তদুপৰি ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ সিদ্ধান্তত আমি একমত নহয় বুলি উল্লেখ কৰি মঞ্চৰ সৈতে সংশ্লিষ্ট ৬ টা সংগঠনৰ অনাগত দিনত কোনোধৰণৰ সমৰ্থন নাথাকিব বুলিও ঘোষণা কৰে৷ সংবাদমেলত টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁই, চুতীয়া জাতি যুৱ সন্মিলনৰ সভাপতি সীমান্ত শইকীয়া, সাধাৰণ সম্পাদক শ্যামলজ্যোতি বৰা, আছাৰ প্ৰতিনিধি ফিলিপ বেঙকে আদি কেইবাগৰাকীও জনগোষ্ঠীয় নেতাই শাৰদীয় দুৰ্গা পূজাৰ পাচৰে পৰা জনজাতিকৰণৰ দাবীত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে৷ ইফালে জনগোষ্ঠীয় ঐক্য মঞ্চত অন্তৰ্ভূক্ত নোহোৱা জনগোষ্ঠীটোৰ সকলো দল-সংগঠনক ঐক্যবদ্ধ কৰি শীঘ্ৰে এখন উমৈহতীয়া মঞ্চ গঠনৰ যোগেদি জনজাতিকৰণৰ মৰ্যদা লাভ নকৰা পৰ্যন্ত সংগ্ৰামখন আপোচবিহীনভাৱে শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱা হ’ব বুলিও লগতে উল্লেখ কৰে সংগঠনকেইটাৰ নেতৃবৃন্দই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Google Pixel 9 series लॉन्च से पहले सस्ती हुई Pixel 7 series, 33 हजार रुपये से कम शुरुआती दाम
गूगल Pixel 9 series लॉन्च करने जा रहा है। Pixel 9 series के फोन 14 अगस्त को लॉन्च किए जा रहे हैं।...
राजस्थान विधान सभा में आयोजित स्कूली छात्रों की युवा संसद की बैठक का सीधा प्रसारण
राजस्थान विधान सभा में आयोजित स्कूली छात्रों की युवा संसद की बैठक का सीधा प्रसारण
শংকৰদেৱ জন্মোৎসৱত বৰগীত গোৱা নহল শিশু শিল্পী তেজশ্বিতাৰ
শংকৰদেৱ জন্মোৎসৱত বৰগীত গোৱা নহল শিশু শিল্পী তেজশ্বিতাৰশংকৰদেৱ জন্মোৎসৱত বৰগীত গোৱা নহল শিশু...
ચપ્પુની અણીએ હીરાની લૂંટ ચલાવનારા ઝડપાયા | Ahmedabad Mitra News
ચપ્પુની અણીએ હીરાની લૂંટ ચલાવનારા ઝડપાયા | Ahmedabad Mitra News
Unhygienic food #shorts #viralvideo #AmritBhog#beltola#guwahati#GMC @GMC @newslive
বেলতলা ওচৰত অৱস্থিত অমৃত ভোগ হোটেলত অখাদ্যকৰ খাদ্য পৰিবেশন কৰা হয়।