শংকৰদেৱ জন্মোৎসৱত বৰগীত গোৱা নহল শিশু শিল্পী তেজশ্বিতাৰশংকৰদেৱ জন্মোৎসৱত বৰগীত গোৱা নহল শিশু শিল্পী তেজশ্বিতাৰ
মাজুলীৰ প্ৰতিভা তেজশ্বিতা বৰুৱাৰ মৃত্যুত শোক স্তব্ধ মাজুলী বাসী।
-গীত,নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱা (১৪) আজি আকস্মিক মৃত্যুত শোকস্তব্দ হৈ পৰিছে মাজুলীবাসী।আজি গাৱঁৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি কণ কণ শিশু শিল্পী সকলৰ প্ৰতিভা বিকাশৰ বাবে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান ত বৰগীত পৰিবেশ ন কৰিবলৈ যোৱা তেজশ্বিতা হঠাৎ অসুস্থ হৈ পৰাত নামঘৰৰ পৰা গাৱঁৰ যুৱক আৰু পৰিয়ালৰ ততাতয়াকৈগড়মূৰ অসামৰিক চিকিৎসা লয়লৈ নিয়ে যদিও সজ্ঞা ঘুৰি নাহি মৃত্যু হয়।কোনো ধৰণৰ ৰোগ আদিত আক্ৰান্ত হৈ নথকা শিল্পী গৰাকী হঠাৎ হৃদ যন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।আজি পুৱা গাৱঁৰ জন্মোৎসৱৰ শোভাযাত্ৰা ত অংশগ্ৰহণ কৰি বিয়লি সাংস্কৃতিক অনুষ্ঠান ত বৰগীত পৰিবেশ নৰ বাবে সাজি কাচি প্ৰস্তুত হোৱা তেজশ্বিতাৰ আকস্মিক মৃত্যুক সহজ ভাৱে মানি লব পৰা নাই মাজুলী বাসীয়ে।মৃত্যুৰ খবৰ বিয়পি লাভ কৰা ৰ পিছত নিশাৰ ভাওনা কে জন্মোৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰে গাওবাসীয়ে।তিনি বছৰ বয়সৰ পৰা গীত পৰিৱেশন ৰ জৰিয়তে জনতাৰ হৃদয় জয় কৰি অহা তেজশ্বিতা ই সকলো টেলিভিশ্বন ত আৰু মাজুলী ৰ সাংস্কৃতিক অনুষ্ঠানসমূহত গীত,নৃত্য পৰিবেশ ন কৰি অনন্য প্ৰতিভাৰ পৰিচয় দিছিল।ঘৰতে সংগীত ষ্টুডিঅ নিৰ্মাণ কৰি সামাজিক মাধ্যমত নিজৰ গীত প্ৰচাৰ কৰা তেজশ্বিতাৰ পিতৃয়ে চাৰিদিনৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান পৰিবেশ ন কৰিবলৈ সুবিধা হোৱাকৈ এখন চাৰিচকীয়া বাহন ক্ৰয় কৰি দিছিল। তীক্ষ্ণ মেধা সম্পন্ন, মাজুলী আইলেন্ড একাডেমী ৰ নৱম শ্ৰেণীৰ ছাত্ৰী তেজশ্বিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসা লয় আৰু বাসগৃহত হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিত হৈ শিল্পী গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।দৰিয়া গাঁৱৰ নিবাসী বাবুল বৰুৱা, নিলাক্ষী বৰুৱা ৰ একমাত্ৰ কণ্যা তেজশ্বিতাৰ মৃত্যুত দৰিয়া গাও,পৰিচালনা সমিতি, মহিলা সমিতি, যুৱক সংঘ,কমলাবাৰী ব্যৱসায় সন্থা, মাজুলী জিলা ছাত্র সন্থা, সাহিত্য সভা, যুৱ ছাত্ৰ পৰিষদ, সাংবাদিক সন্থা, জিলা ম ইনা পাৰিজাত,কোচ ৰাজবংশী ছাত্র সন্থা, মিলন সংঘ,সন্মিলিত শিল্পী সমাজ,মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়, সাধনা সংগীত বিদ্যালয়, আইলেন্ড একাডেমী, মাজুলী মহাবিদ্যালয়, ১নং কমলাবাৰী প্ৰাথমিক বিদ্যালয় ,উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱৰ কৃষ্টি সংঘ আদি য়ে গভীৰ শোক প্ৰকাশ কৰিছে।