জনজাতিকৰণক লৈ দুৰ্গা পূজাৰ পিছতে আন্দোলনৰ হুংকাৰ

চুতীয়া জাতি যুৱ সন্মিলন অসম, টাইপা আৰু আদিবাসী ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীক লৈ চৰকাৰৰ সৈতে কোনোধৰণৰ আলোচনাত মিলিত হোৱা নাই । আজি মৰাণত এক সংবাদমেলযোগে এই কথা জনাছে তিনিওটা জনগোষ্ঠীয় সংগঠনে । সংবাদ মেলত সংগঠন কেইটাই উল্লেখ কৰা অনুসৰি পূজাৰ পিছতে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চত নথকা ছয় জনগোষ্ঠীৰ সকলো জাতীয় সংগঠনক লগত লৈ এখন উমৈহতীয়া মঞ্চ গঠন কৰিব আৰু এই মঞ্চই জনজাতিকৰণ নোপোৱা পৰ্যন্ত শক্তিশালীভাৱে আন্দোলনৰ কাৰ্যসূচী চলাই নিব । আৰু উল্লেখ কৰা মতে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতি চুতীয়া জনগোষ্ঠীৰ জাতীয় মঞ্চৰ চাৰিটা স্বীকৃতিপ্ৰাপ্ত সংগঠন ক্ৰমে সদৌ চুতীয়া জাতি সন্মিলন, অসম চুতীয়া জাতি যুৱ সন্মিলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু চুতীয়া জাতি মহিলা সন্মিলনৰ কোনো ধৰণৰ নৈতিক সমৰ্থন নাই । সেয়েহে কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ মৰ্যদা নিদিয়া পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰে । সংবাদমেলত তিনিওটা সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ।