ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসম'ৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ডায়েট, বি.টি.ছি, বি.এড. কলেজ আৰু নৰ্মাল স্কুল সমূহত চলি থকা ৰেগুলাৰ ডি.এল.এড. ৰ প্ৰথম ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰী সকল উপকৃত হোৱাকৈ ৰাজীৱ বৰুৱাৰ " কলা আৰু সৃজনীমূলক শিক্ষা-১ " নামৰ এখন কিতাপ আজি নৰ্মাল স্কুল ঢকুৱাখনাৰ সভাক্ষত উন্মোচন কৰা হয়। প্ৰথম ষান্মাষিকৰ পেপাৰ কড - এছ ১.৭ ৰ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে গই কিতাপখন ৷

 কিতাপখন উন্মোচন কৰে ঢকুৱাখনা নৰ্মাল স্কুলৰ কলা আৰু সৃজনশীল শিক্ষা বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দ গগৈয়ে। গগৈয়ে কিতাপখনি উন্মোচন কৰি কয় যে - ঢকুৱাখনা নৰ্মাল স্কুলৰ অতিথি শিক্ষক হিচাপে ৰাজীৱ বৰুৱাই যথেষ্ট কষ্ট কৰি প্ৰস্তুত কৰা আৰু গুৱাহাটীৰ পানবজাৰস্থিত জে.এছ পাব্লিকেশ্বনছে প্ৰকাশ কৰি উলিওৱা কিতাপখনে শিক্ষাৰ্থীসকলক যথেষ্ট উপকাৰ সাধিব বুলি উল্লেখ কৰে। নৰ্মাল স্কুল অধ্যক্ষ লক্ষী কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আৰু ডি.এল.এড চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ পাৰ্থপ্ৰতিম দাসে আঁত ধৰা এই উন্মোচনি অনুষ্ঠানত উপস্থিত থাকি বক্তব্য ৰাখে কিতাপখনৰ লেখক ৰাজীৱ বৰুৱা, নৰ্মাল স্কুল ঢকুৱাখনাৰ শিক্ষয়িত্ৰী পল্লৱী গগৈ আৰু অপৰাজিতা বুঢ়াগোহাঁইয়ে ৷ ইপিনে এই অনুষ্ঠানত নৰ্মাল স্কুলৰ প্ৰশিক্ষক সকলৰ লগতে শিক্ষাৰ্থী সকলৰ উপস্থিতিয়ে অনুষ্ঠানটো সুন্দৰ কৰি তুলে ৷