বৃহত্তৰ বৰুৱা বামুনগাৱৰ  এগৰাকী প্ৰবীণ শিল্পী ,অবসৰপ্ৰাপ্ত শিক্ষক, সমাজৰ অগ্ৰণী ব্যক্তি শিব প্ৰসাদ শৰ্মা ঠাকুৰৰ ৯০ সংখ্যক জন্মদিন টো আজি ৰাজহুৱা ভাবে উদযাপন কৰা হয়।তদুপলক্ষে কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  পুৱা ছাত্র ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি, চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়।দুপৰীয়া ৰোহিনী বল্লভ গোস্বামী ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে অবসৰপ্ৰাপ্ত অধ্যক্ষ গনেশ গোস্বামীয়ে। অভিনন্দন গ্ৰন্থ 'শিবাৰ্চন 'উন্মোচন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি  ড:ৰাতুল চন্দ্ৰ বৰাই।নিৰ্দিষ্ট বক্তাৰ ভাষন আগবঢ়ায় অবসৰপ্ৰাপ্ত অধ্যক্ষ ড:দীপক কুমাৰ শৰ্মা ই।সভাত অঞ্চল টোৰ প্ৰায় অৰ্ধ শতাধিক ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষা বিদ গৰাকীক আনুষ্ঠানিকভাৱে ৯০ সংখ্যক জন্মদিন ৰ শুভেচ্ছা জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে।