এক হাজাৰ বৃক্ষৰোপনৰ লক্ষ্যৰে Born for Rural Development(BRD) নামৰ 

স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আজিৰেপৰা আৰম্ভ কৰিছে বৃক্ষৰোপণ অভিযান ৷ সেইমৰ্মে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ওপৰ কুৰুৱাৰ শ্ৰীশ্ৰীলক্ষ্মীনাৰায়ণ নামগৃহ প্ৰাঙ্গন আৰু শ্ৰীশ্ৰী বুঢ়াগোহাঁই থান চৌদত এই অভিযানৰ শুভাৰম্ভণী কৰে স্থানীয় গাঁও প্ৰধান দুলাল চন্দ্ৰ মেধিয়ে ৷  "সেউজী ধৰণী  ধুনীয়া " শীৰ্ষক নামেৰে আৰম্ভ কৰা এই হাজাৰ বৃক্ষ ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণী অনুষ্ঠানত স্বেচ্ছাসেৱী সংস্থাটোৰ সভাপতি সুমিন্দ্ৰ ভূঞাই অৰণ্য মানৱ যাদৱ পায়েঙৰ কৰ্মৰাজিত উদ্বুদ্ধ হৈ সংস্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷ বিশিষ্ট সমাজ সেৱক বুবুল দাসৰ দ্বাৰা বন্ত্বি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত সভাপতি সুমিন্দ্ৰ ভূঞাই বেচৰকাৰী অনুষ্ঠানটিৰ লক্ষ্য ,উদ্দেশ্য,  দায়িত্ব আৰু কৰ্তব্যৰ বিষয়েও উপস্থাপন কৰে। বৃক্ষ ৰোপন অভিযান কাৰ্যসূচীৰ শুভ আৰম্ভণী অনুষ্ঠানত বিশিষ্ট সমাজসেৱক শচীন্দ্ৰ দাস,বুবুল দাস,মহেন্দ্ৰ দাস ,বিষ্ণুপ্ৰসাদ শইকীয়া ,বুদ্ধেশ্বেৰ দাসৰ লগতে স্থানীয় কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷