সোণাৰিত দুৰ্বৃত্তৰ আক্ৰমণত প্ৰধান শিক্ষক আহত

সোণাৰিত অঘটন।মুনু প্ৰজা নামৰ এজন লোকে দাৰে ঘপিয়ালে টিঙালীবাম ককৰাপথাৰ টিলা লাইনস্হিত টিঙালীবাম প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক তুলসী সন্দিকৈক ।বিদ্যালয় খনৰ সহকাৰী শিক্ষক প্ৰতাপ পেগুক চোকা দাৰে কাটিবলৈ লওঁতে সহকাৰী শিক্ষক জন খিৰিকীৰে পলায়ন কৰাৰ পাছতে মুনু প্ৰজাই প্ৰধান শিক্ষক তুলসী সন্দিকৈ উপৰ্যপৰি ঘপিয়াই গুৰুতৰ ভাবে আহত কৰে।সংকটজনক অৱস্থাত সোণাৰিৰ ৰজাপুখুৰীস্হিত জিলা চিকিৎসালয়ত ভৰ্ত্তি।ইফালে আক্ৰমণ কাৰী মুনুক আৰক্ষীয়ে আটক কৰিছে।  গুৰুত্বৰ ভাৱে আহত তুলশী সন্দিকৈক ডিব্ৰুগড়ৰ মেডিকেললৈ প্ৰেৰণ কৰে