হোজাইৰ নীলবাগানত সন্ত্ৰাস চলোৱা তিনিডালকৈ প্ৰকাণ্ড হোম সাপ আজি ধৰা হয় ৷ 

নীলবাগান আৰক্ষী পহৰা চকীৰ সমীপৰ ধৰ এই তিনিডালকৈ প্ৰকাণ্ড সাপ ৷ 

দীৰ্ঘদিন ধৰি এই তিনিডাল সাপে সন্ত্ৰাস চলাই আছিল নীলবাগানৰ এই অঞ্চলটো ৷ 

আজি দুপৰীয়া এই সাপ কেইডাল স্থানীয় লোকে প্ৰত্যেক্ষ কৰি নীলবাগান আৰক্ষী পহৰা চকীত খবৰ দিয়ে ৷ 

নীলবাগান আৰক্ষী পহৰা চকীৰ ফালৰ পৰা সাপ ধৰা লোক এজনক মতাই আনি সাপ কেইডাল ধৰে ৷ 

পাছত সাপ তিনিডাল ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ বনকৰ্মীৰ সহযোগত ডবকা সংৰক্ষিত বনাঞ্চলত এৰি দিয়া হয় ৷