অসমৰ মাটি, অসমৰ সম্পদ, অসমৰ মানুহক বন্ধকত ৰাখি নিজৰ ৰাজনৈতিক শক্তি বঢ়াবৰ বাবে মুখ্যমন্ত্ৰীয়ে যিকোনো ধৰণৰ কাম কৰিব পাৰে বুলি মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মাহমৰা সমষ্টিৰ কচুমাৰীত অনুষ্ঠিত হোৱা এখন দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে। আনহাতে ৰামদেৱ, সদগুৰু, আদানি আদিৰ লগত মিত্ৰতা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে দিল্লীৰ ওচৰত নিজৰ শক্তি প্ৰতিপন্ন কৰিব বিচৰা বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ।