বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঘমাৰা চৌৰাগুৰী পঞ্চায়তৰ নেতাজী সঙ্গত আদৰ্শ গাওঁৰ ওপৰত এখন সভা অনুষ্ঠিত হয়। এই সভাত আদৰ্শ গাওঁত অন্তৰ্ভুক্ত হোৱা গাওঁ সমুহত কাম কাজৰ অভাৱ অভিযোগ বিষয়ে ৰাইজৰ মতামত গ্ৰহন কৰে। উক্ত কাম সমুহ লিপিবদ্ধ কৰি ৰাখে পঞ্চায়ত নিৰ্বাচিত সভাপতি অমৰ সৰকাৰে।

এই সভাত উপস্থিত থাকে ৩৪ নং উত্তৰ অভয়াপুৰীৰ সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্ধকাৰ, দক্ষিণ বিজনীৰ জিলা পৰিষদৰ সদস্য আব্দুল মতিন, পঞ্চায়ত সভাপতি অমৰ সৰকাৰ আঞ্চলিক সদস্য গোপাল সৰকাৰৰ লগতে বিভিন্ন সমাজ সেৱক আৰু স্হানীয় ৰাইজ।