চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত চিচিবৰগাঁৱত জোৰ সমদল । সমদল বাহিৰ কৰাত আৰক্ষীৰ বাধা । প্রতিবাদকাৰী আৰক্ষীৰ মাজত হতাহতি ।

অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ নামত বাৰম্বাৰ চৰকাৰে প্ৰতাৰণা কৰি আহিছে । চুতীয়াসকলক জনজাতিকৰণ কৰা আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত কালিসন্ধিয়া ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ আহ্বানত এক জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয় । প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে চিচিবৰগাঁও মজলীয়া বিদ্যালয়ৰ খেলপথাৰৰ পৰা জোৰ লৈ ওলাবলৈ সাজু হওঁতেই ধেমাজি জিলা প্ৰশাসনে বাধা প্ৰদান কৰে আৰু আৰক্ষীৰ লগত প্রতিবাদকাৰীৰ হতাহতি হয় । আৰক্ষীয়ে জোৰসমূহ কাঢ়ি নিয়ে । প্ৰতিবাদকাৰী সকলে জোৰবিহীন ভাবে সমদল কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ সময়তে পুনৰ আৰক্ষীয়ে বাধা প্ৰদান কৰাত পুনৰ হতাহতি হয় । বিজেপি, গ' বেক, হিমন্ত হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন দিবই লাগিব , ৰণোজ , ভুৱন মূৰ্দাবাদ, আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । প্ৰতিবাদকাৰীসকলে সমদল কৰি সাধনী ভৱনলৈকে আহে আৰু আৰক্ষীৰ ভূমিকাৰ প্ৰতিবাদত প্ৰতিবাদকাৰী সকল ৰাষ্ট্ৰীয় ঘাইপথতেই বহি পৰে আৰু পুনৰ আৰক্ষীৰ লগত হতাহতি লাগে । অৱশেষত আৰক্ষীৰ অনুৰোধত ৰাজপথৰ পৰা উঠি যায় প্ৰতিবাদকাৰী আৰু সাধনী ভৱনত প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰে ।