আজি গোলাঘাট জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক নুমলীগড় অধিবেশনখনি বোকাখাত মহকুমা কবি সন্মিলনৰ আতিথ্যত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সফলতাৰে সম্পন্ন হৈ যায় ৷ পুৱা পতাকা উত্তোলন কৰে সভাপতি নৰেন শইকীয়া, বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি ৰাখী দত্ত শইকীয়া আৰু স্মৃতি তৰ্পন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সংগীতা ৰাভাই। ইয়াৰ পাছতে অনুষ্ঠিত প্ৰতিনিধি সভাত পুৰণা সমিতি ভংগ হোৱাৰ পাছত আজি প্ৰতিনিধি সভা সৰ্বসন্মতভাৱে ড০ প্ৰণৱ ঢেকিয়াল ফুকনক সভাপতি আৰু দীপ হেষ্টিংছ বৰিক সম্পাদক হিচাবে লৈ এখন পূৰ্ণাংগ নতুন সমিতি গঠন কৰে ৷ পিছবেলা অনুষ্ঠিত মুকলিসভাত সভাত কাঠমিস্ত্ৰী ঘৰ কবি খ্যাত ধীৰেন্দ্ৰচন্দ্ৰ দত্ত সোঁৱৰাী কাব্য বঁটা প্ৰদান কৰা হয় কবি ৰাজুমণি বেজবৰুৱাক আৰু কবি শ্ৰীযুত দিলীপ শৰ্মাক প্ৰদান কৰা হয় গণকবি অশোক দাস সোঁৱৰণী কাব্য বঁটা ৷ সভাই আজি আমাক বিগত কাৰ্যকালৰ শ্ৰেষ্ঠ সংগঠকৰ বঁটা প্ৰদান কৰাৰ লগতে শ্ৰেষ্ঠ পত্ৰিকা ’বাটচ’ৰা’ ৰ সম্পাদক অজন্তা তালুকদাৰে লাভ কৰে শ্ৰেষ্ঠ পত্ৰিকা বঁটা ৷