গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীদিহিঙীয়াত আজি এজন অৱসৰপ্ৰাপ্ত শিক্ষকে পথাৰত গৰু এৰাল দিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । জানিব পৰা মতে কমাৰগাঁৱৰ পানীদিহিঙীয়া গাঁৱৰ গুঞ্জ বৰুৱা নামৰ ৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে ঘৰৰ কাষৰে পথাৰত গৰু বান্ধিবলৈ যাওতে অকস্মাৎ গৰুৰ ৰচীত জোঁট লগাত গৰুৱে টানি নিয়ে আৰু লোকজন পথাৰৰ বোকাত পৰি যায়। বোকাত লুতুৰী পুতুৰী হৈ বহু দেৰিলৈকে পথাৰত পৰি থাকে লোকজন। ইফালে গুঞ্জ বৰুৱা বহু সময়লৈকে ঘুৰি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত পথাৰত লোকজন পৰি থকা দেখা পায়। পথাৰৰ পৰা আনি পৰিয়ালৰ লোকে কমাৰগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত ঘোষনা কৰে । ইফালে ঘটনাস্থলীত আৰক্ষী এটি দল উপস্থিত হৈ মৃতলোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সৰবৰাহী অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ মৃত্যুত সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
স্বাধীনতা দিৱস উদযাপনৰ সম্পর্কে মৰাণত ৰাজহুৱা সভা
চৰাইদেউ জিলা অন্তৰ্গত মৰাণ নগৰত আজি আগন্তুক ৭৬ সংখ্যক স্বাধীনতা দিৱস পালনৰ সম্পর্কে এখন ৰাজহুৱা...
Three Golden Rules that help break the chain of #corona.
1. Always wear a mask
2. Wash hands thoroughly and frequently with soap and water
3. Maintain a 2-meter distance from others
#Unite2FightCorona
Three Golden Rules that help break the chain o
Three Golden Rules that help break the chain of #corona.
1. Always wear a mask
2....
ખોડલધામ ખાતે ઓલ ઇન્ડિયા ખોડલધામ ટ્રસ્ટ કન્વીનર મીટ નું આયોજન કરવામાં આવ્યું.
ખોડલધામ ખાતે ઓલ ઇન્ડિયા ખોડલધામ ટ્રસ્ટ કન્વીનર મીટ નું આયોજન કરવામાં આવ્યું.
દાંતીવાડાના નોદોત્રા ગામે હત્યાનો ભેદ ઉકેલાયો
દાંતીવાડાના નોદોત્રા ગામે હત્યાનો ભેદ ઉકેલાયો
પાવીજેતપુર APMCના ચેરમેન જીતેન્દ્રભાઈ પટેલની છોટાઉદેપુર જિલ્લા કિસાન મોરચાના કોષાધ્યક્ષ તરીકે વરણી
પાવીજેતપુર APMCના ચેરમેન જીતેન્દ્રભાઈ પટેલની છોટાઉદેપુર જિલ્લા કિસાન મોરચાના કોષાધ્યક્ષ તરીકે...