চৰাইদেউ জিলা অন্তৰ্গত মৰাণ নগৰত আজি আগন্তুক ৭৬ সংখ্যক স্বাধীনতা দিৱস পালনৰ সম্পর্কে এখন ৰাজহুৱা সভা মৰাণ পৌৰ সভাৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। মৰাণ পৌৰ সভা আৰু মাহমৰা ৰাজহ চক্ৰবিষয়া কাৰ্যালয়ৰ যৌথ উদ্যোগত স্বাধীনতা দিৱস পালনৰ উপলক্ষে অনুষ্ঠিত হোৱা আজিৰ সভা খনত সভাপতিত্ব কৰে মৰাণ পৌৰ সভাৰ পৌৰপতি অৰূপ দত্তই । উপ পৌৰপতি উদয়প্ৰতীম গগৈয়ে আঁত ধৰা সভা খনত মৰাণ নগৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰৰ কেইবাশতাধিক ৰাইজ সমবেত হয় । উল্লেখ্য যে চৰকাৰৰ নিৰ্দেশ অনুযায়ী আজাদী কা অমৃত মহোৎসব বৰ্ষৰ বাবে এইবাৰ উলহমালহেৰে বিভিন্ন কাৰ্যসূচীৰে দেশৰ ৭৬তম স্বাধীনতা দিবস পালন কৰা হব। বিভিন্ন খেলা, গীতমাত, ৰচনা প্ৰতিযোগিতা, সমূহীয়া দৌৰ, সাংস্কৃতিক কাৰ্য্যসূচী এই বাৰ স্বাধীনতা কাৰ্সূচীত থাকিব ।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

তদুপৰি বিভিন্ন ক্ষেত্রত বৰঙণী আগবঢ়োৱা কিছু লোকক সম্বৰ্দ্ধনা জনোৱা হব। আজিৰ সভাত চৰকাৰৰ নিৰ্দেশ তথা এছ অ'পি সন্দৰ্ভত মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈয়ে ৰাইজক অৱগত কৰে। সভাত আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল পাতৰে ভাষণ আগবঢ়াই ৰাইজৰ সহায় সহযোগ কামনা কৰে । বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই ভাষণ দিয়ে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালি কোঁৱৰ, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্ৰচাৰ্য, মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাছা বৰা, সমাজকৰ্মী প্ৰদীপসেন শৰ্মা, অমৰদীপ ভাগৱতী, দীপালী চুতীয়া, ৰাণু গগৈ, কাজল দাসকে ধৰি বহু কেইজন ব্যক্তি । উল্লেখ্য যে এই বাৰ স্বাধীনতা দিৱস ১৩ আগষ্টৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব । এই উপলক্ষে এখন উদযাপন সমিতিও উক্ত সভাতে গঠন কৰা হয়।