ভাৰত ভূটান সীমান্তৰ পৰা বৈ অহা শুক্লাই নদীৰ উফন্দী উঠা পানীৰ ফলত যোৱানিশা ওদালগুৰি জিলা চিংৰিবাৰীত শুক্লাই নদীৰ মথাউৰী ছিঙাৰ  ফলত বহু গাওঁ জলমগ্ন হৈ পৰে। ধাৰাসাৰ বৰষুণৰ ফলত নিশাটোৰ ভিতৰতে ওদালগুৰি জিলাৰ ভেৰগাঁ‌ও,খাগ্ৰাবাৰী, নলবাৰী,অঞ্চলৰ খেতি পথাৰ বাট,পথৰ লগতে বহু পৰিয়াল ক্ষতিগ্ৰস্ত হয়।

উপায়ন্তৰ হৈ নিশাটোৰ ভিতৰতে বানক্ৰান্ত পৰিয়াল সমূহ নিৰাপদ স্থানত স্থানান্তৰিত হয়। হঠাতে অহা পানীৰ ফলত পৰিয়াল সমূহৰ সা সম্পত্তি বিস্তৰ ক্ষতিসাধন হয়।